Breaking

দিল্লীৰ আদালতে যৌন নিৰ্যাতনৰ গোচৰত ব্ৰিজ ভূষণক প্ৰদান কৰিলে জামিন

0 92

কেইবাজনো মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত পঞ্জীয়ন হোৱা যৌন নিৰ্যাতনৰ গোচৰত বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে জামিন প্ৰদান কৰে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙক।

জামিন মঞ্জুৰ কৰাৰ সময়ত আদালতে অভিযোগকাৰী বা সাক্ষীক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰৰোচিত নকৰাৰ দৰে চৰ্ত আৰোপ কৰিছিল আৰু লগতে কয় যে আদালতৰ অনুমতি অবিহনে অভিযুক্তক দেশ এৰি যাবলৈ দিয়া নহয়।

উল্লেখ্য যে হাৰাশাস্তিৰ গোচৰৰ আন এজন অভিযুক্ত বিনোদ তোমাৰক আদালতে জামিন মঞ্জুৰ কৰে।

ইয়াৰ পূৰ্বে ১৮ জুলাইত আদালতে ২৫ হাজাৰ টকাকৈ জামিন বণ্ডত ব্রিজ ভূষণ আৰু বিনোদক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল।

১৫ জুনত দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ শৰণ সিং আৰু বিনোদ তোমৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল৷ মহিলা মল্লযুঁজাৰুসকলে দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছিল। বিশেষ ৰাজহুৱা অভিযুক্ত অতুল শ্ৰীবাস্তৱৰ মতে, ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ৩৫৪ (ডি), ৩৫৪ (এ) আৰু ৫০৬ (১) ধাৰাত অভিযোগনামা দাখিল কৰা হয়।

মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত ব্রিজ ভূষণৰ বিৰুদ্ধে দুটাকৈ এফআইআৰ ৰুজু হৈছিল৷ যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু নাবালক মল্লযুঁজাৰুৰ গোচৰত বাতিলৰ প্ৰতিবেদন দাখিল কৰা হৈছিল। কেইবাগৰাকী মল্লযুঁজাৰুৰ অভিযোগক লৈ দ্বিতীয়টো এফআইআৰ দাখিল কৰা হয়।

Leave A Reply

Your email address will not be published.