Breaking

তিতাবৰৰ খৰিকটীয়াৰ নিজ জন্মস্থানত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কাশ্মীৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা জোৱান টংকেশ্বৰ দাসৰ

0 84

শুকুৰবাৰে কাশ্মীৰত মৃত্যু হোৱা চি আৰ পি এফ জোৱান টংকেশ্বৰ দাসৰ নশ্বৰ দেহ মৰিয়নিৰ নতুনমাটিৰ নিজ গৃহলৈ অনা হয়।বিশেষ বিমানযোগে কাশ্মীৰৰ অনন্তনাগ জিলাৰপৰা আজি যোৰহাটলৈ লৈ অনা হয়।

জোৱানজনৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতে মৰিয়নিৰ জোৱানজনৰ বাসগৃহত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

উল্লেখ্য যে এবছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ টংকেশ্বৰৰ পত্নী সাত মাহৰ অন্ত:সত্বা।

এতিয়া স্বামীক হেৰুৱাই দিগবিদিগক হেৰুৱাই পেলাইছে টংকেশ্বৰ দাসৰ দুৰ্ভগীয়া পত্নীয়ে। শোকত ভাগি পৰা পত্নীয়ে যেন মানি ল’ব পৰা নাই টংকেশ্বৰৰ মৃত্যুক।

উল্লেখ্য যে তিতাবৰৰ খৰিকটীয়াত নিজ জন্মস্থানত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় জোৱান টংকেশ্বৰ দাসৰ৷

Leave A Reply

Your email address will not be published.