Breaking

ৰূপকোঁৱৰে গঢ়ি তোলা ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান তেজপুৰৰ “জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়”ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান  

0 81

উঠি অহা প্ৰজন্মক সংগীত শিক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শী কৰি গঢ়ি তোলাৰ এক আলোকসন্ধানী লক্ষ্যৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশেষ তৎপৰতাত দেশৰ স্বাধীনতাৰ পূৰ্বেই ১৯৪০ চনৰ ১ নবেম্বৰত গঢ়ি উঠা ৰাজ্যখনৰ প্ৰথমখন সংগীত শিক্ষাৰ অনুষ্ঠান বৰ্তমানৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ ৮৩ সংখ্যক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত দেওবাৰে নিশা মহাবিদ্যালয়খনৰ পাঁচশগৰাকী শিক্ষাৰ্থীৰ মাজৰ নিৰ্বাচিত দহটাকৈ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানেৰে  জীপাল হৈ পৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ মঞ্চ।

সংগীত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক পংকজ বৰুৱাই আৰম্ভণিতেই মহাবিদ্যালয়খনৰ ইতিহাস সদৰী কৰি আঁত ধৰা অনুষ্ঠানটি আৰম্ভ হয় নটৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰবীণ গীতিকাৰ – সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে।

 

ইয়াৰ পিছতেই বংকিম শৰ্মা ৰচিত আৰু মহাবিদ্যালয়খনৰ শিক্ষক মনোজ নাথ সংগীত পৰিচালিত মহাবিদ্যালয়খনৰ “প্ৰতিকী গীত”টি পৰিৱেশন কৰে শিক্ষাৰ্থী সকলে। মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মাই আদৰণী ভাষণ আগবঢ়োৱাৰ লগতে পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট শিক্ষাবিদ, লেখক ড° প্ৰাণজিৎ হাজৰিকাই আনুষ্ঠানিক ভাৱে উদ্বোধনী ভাষণ আগবঢ়াই ঐতিহ্যমণ্ডিত সংগীত মহাবিদ্যালয়খনৰ উত্তৰণ আৰু বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথা সদৰী কৰি ৰাইজৰ সহযোগিতা আৰু পৰামৰ্শ কামনা কৰে।

আনহাতে সাংস্কৃতিক অনুষ্ঠানৰ মূল কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত মহাবিদ্যালয়খনৰ সৈতে জড়িত হৈ থকা বিভিন্ন বিভাগৰ শিক্ষক-কৰ্মচাৰী সহ ২১ গৰাকী লোকক অধ্যক্ষ লিখন শৰ্মাই ৰাইজৰ সন্মুখত পৰিচয় কৰাই দিয়ে। 

অনুষ্ঠানটিত  লক্ষ্নৌৰ ভাটখাণ্ডেৰ বিশেষ পৰীক্ষাত কৃতীত্ত্বৰ পৰিচয় দিয়া মহাবিদ্যালয়খনৰ কথক নৃত্য, ভায়লিন বিভাগ, তবলা আৰু চিত্ৰকলা বিভাগৰ শিক্ষাৰ্থী ক্ৰমে – কাঞ্চন লামা, ময়ূখ দেৱচৌধুৰী, অৰূপ পাল, দেৱাঞ্জন সৰকাৰ আৰু অশ্লেষা কাশ্যপক দাতা পৰিয়ালৰ সদস্যৰ উপস্থিতিত অজয় চলিহা সোঁৱৰণী বঁটা, দিলীপ বৰঠাকুৰ সোঁৱৰণি বঁটা আৰু লম্বোদৰ ডেকা সোঁৱৰণী বঁটা  প্ৰদান কৰা হয়।

আনহাতে মূল সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় সত্ৰীয়া বিভাগৰ শিক্ষাৰ্থীৰ  দৃষ্টিনন্দন সত্ৰীয়া নৃত্যৰ অনুষ্ঠানেৰে। অতি মনোৰম আৰু দৃষ্টিনন্দন সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত  এটি বিশেষ কৃষ্ণ বন্দনা অনুষ্ঠান, মাছমৰীয়া লোক পৰম্পৰাৰে মহাৰাষ্ট্ৰৰ এটি বিশেষ লোক নৃত্য, মহাবিদ্যালয়খনৰ ভায়লিন আৰু তবলা বিভাগৰ শিক্ষাৰ্থীৰ ভায়লিন বাদন আৰু তবলাবাদনৰ অনুষ্ঠান, সমূহীয়া কথক নৃত্য, ভাৰত নাট্যম নৃত্য, গীটাৰ বিভাগৰ শিক্ষাৰ্থীৰ গীটাৰ বাদনৰ অনুষ্ঠান আৰু কন্ঠ সংগীত বিভাগৰ শিক্ষাৰ্থীৰ জ্যোতি সংগীতৰ অনুষ্ঠানেৰে  জীপাল হৈ পৰে বাণ থিয়েটাৰৰ মঞ্চ। 

উল্লেখ্য যে, এই ৮৩ সংখ্যক বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী “অভিসাৰিকা ৰাধিকা” শীৰ্ষক নৃত্য নাটিকাই দৰ্শকক বিশেষ ভাৱে আপ্লুত কৰা পৰিলক্ষিত হয়।

বিশিষ্ট গীতিকাৰ, সুৰকাৰ বংকিম শৰ্মাৰ ৰচনা, লিখন শৰ্মা আৰু ৰমেশ ডেকাৰ পৰিকল্পনা, ড° প্ৰতিভা শৰ্মাৰ সহযোগত দক্ষ নৃত্যশিল্পী প্ৰেৰণা বৈশ্যৰ নৃত্য পৰিচালনা আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী অনামিকা বৰদলৈ বৰুৱাই সূত্ৰধাৰৰ ভূমিকা পালন কৰা ভাৰতীয় শাস্ত্ৰীয় শৈলীৰ আধাৰত নিবেদন কৰা নৃত্য নাটিকাখনৰ দৃশ্যাংশই মুগ্ধ কৰি তোলে ৰাইজক।

Leave A Reply

Your email address will not be published.