Breaking

প্ৰতিজন ব্যক্তিয়ে দৈনিক বিনামূলীয়াকৈ পাব ২০ লিটাৰ আৰ অ’ পানী। ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ…

0 37

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বস্তিৰ ওচৰত আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলত ৫০০ টা পানীৰ ATM স্থাপন কৰিব, যাতে প্ৰতিজন ব্যক্তিয়ে দৈনিক ২০ লিটাৰ বিনামূলীয়া RO পানী লাভ কৰিব পাৰে। ইয়াৰ বাবে দিল্লী চৰকাৰে বস্তি আৰু অন্যান্য ঘন জনবসতিপূৰ্ণ অঞ্চলত ৫০০ টা পানীৰ এটিএম স্থাপন কৰিব। ইয়াৰ অধীনত সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মায়াপুৰীৰ খাজান বস্তিত এটা RO প্লাণ্ট পৰিদৰ্শন কৰি পানীৰ এটিএম উদ্বোধন কৰে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে প্ৰতিজন ব্যক্তিক জল ব’ৰ্ডে RFID (Radio Frequency Identification) কাৰ্ড প্ৰদান কৰিব, যাৰ জৰিয়তে তেওঁ এটিএমৰ পৰা প্ৰতিদিনে ২০ লিটাৰ পানী ল’ব পাৰিব।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে নিৰ্ধাৰিত ২০ লিটাৰকৈ অধিক পানী গ্ৰহণ কৰিলে প্ৰতি ২০ লিটাৰত ১.৬০ টকা মাচুল লোৱা হ’ব। লগতে তেওঁ কয় যে যিবোৰ বস্তিৰ ওচৰত পানীৰ পাইপলাইন নথকা আৰু টেংকাৰৰ জৰিয়তে পানী যোগান ধৰা হয়, সেইবোৰ বস্তিৰ ওচৰতে এই এটিএম স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে ‘যিদৰে আমি সকলোৱে জানো যে ধনী লোকৰ ঘৰত আৰ অ’ৰ সুবিধা আছে, এতিয়া এই সুবিধাৰ দ্বাৰা দিল্লীৰ দৰিদ্ৰ জনসাধাৰণেও বিশুদ্ধ পানী পাব।’ কেজৰিৱাল আৰু দিল্লী জাল ব’ৰ্ডৰ উপাধ্যক্ষ তথা জলমন্ত্ৰী সৌৰভ ভৰদ্বাজেও আৰ অ’ প্লাণ্টৰ পৰা বিশুদ্ধ পানী পান কৰে। আনুষ্ঠানিক বিবৃতি অনুসৰি খাজান বস্তি প্লাণ্টত তিনি হাজাৰ লিটাৰৰ দুটা টেংক স্থাপন কৰা হৈছে। লগতে তেওঁ কয় যে দিল্লী জাল ব’ৰ্ডে শকুৰবস্তি, কলকাজী আৰু ঝাওদাত পানীৰ এটিএম স্থাপন কৰিছে। এই প্ৰকল্পৰ অধীনত বিভিন্ন বস্তিৰ সমীপত ৩০ হাজাৰ লিটাৰ ক্ষমতাৰ ৫০টা আৰ অ’ প্লাণ্ট স্থাপন কৰা হ’ব।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে প্ৰতিজন ব্যক্তিক RO পানীৰ বাবে জল ব’ৰ্ডে ৰেডিঅ’ ফ্ৰিকুৱেন্সি আইডেন্টিফিকেশন কাৰ্ড (আৰ এফ আই ডি কাৰ্ড) প্ৰদান কৰিব। এই কাৰ্ডখনৰ জৰিয়তে প্ৰতিজন ব্যক্তিয়ে দৈনিক ২০ লিটাৰ পানী বিনামূলীয়াকৈ পাব। দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয় যে খাজান বস্তিৰ বাসিন্দাসকলক এটিএমৰ পৰা বিনামূলীয়া পানীৰ বাবে প্ৰায় ২৫০০ কাৰ্ড উপলব্ধ কৰা হৈছে।

Leave A Reply

Your email address will not be published.