মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত উত্তপ্ত পৰিস্থিতি সদনত। ২ বজালৈ স্থগিত…

মণিপুৰ সন্দৰ্ভত সংসদত উত্তপ্ত পৰিস্থিতি, প্ৰধানমন্ত্ৰীৰ বক্তব্যত অটল বিৰোধী, সদনৰ কাম-কাজ ২ বজালৈ স্থগিত। মণিপুৰৰ বিষয়টোক লৈ সংসদত আজিও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে। বিৰোধী দলৰ সাংসদসকলে ক’লা কাপোৰ পিন্ধি সদনত প্ৰতিবাদ কৰিছে। মণিপুৰ বিষয়ত আলোচনাৰ দাবীৰ মাজতে সদনৰ বিয়লি ২ বজালৈ স্থগিত ৰখা হয়।

ৰাজ্যসভাত উত্থাপন সংশোধনী বিধেয়ক কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৰাজ্যসভাত সংশোধনী বিধেয়ক উত্থাপন কৰে। বিৰোধী সাংসদসকলে ক’লা কাপোৰ পিন্ধা সন্দৰ্ভত ৰাজ্যসভাত সদনৰ নেতা পীযুষ গোৱেলে কয় যে ক’লা কাপোৰ পিন্ধা এইসকল লোকে বুজিব পৰা নাই যে আজি দেশৰ ক্ৰমবৰ্ধমান শক্তি কি? যিসকলৰ মন আৰু শৰীৰ ক’লা, তেওঁলোকৰ হৃদয়ত কি লুকাই আছে? তেওঁলোকৰ বৰ্তমান, অতীত আৰু ভৱিষ্যত অন্ধকাৰ কিন্তু আমি আশা কৰোঁ যে তেওঁলোকৰ জীৱনতো পোহৰ আহিব। সংসদক অপমান কৰিছে বুলি কয় প্ৰধানমন্তীয়ে।

ৰাজ্যসভাত বৈদেশিক নীতি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ বক্তব্যৰ সময়ত বিৰোধী সাংসদসকলে “প্ৰধানমন্ত্ৰী সদনলৈ আহক, সদনলৈ আহক” আদি শ্ল’গান দিবলৈ আৰম্ভ কৰে। এই হুলুস্থুলীয়া পৰিৱেশৰ মাজতে ২ বজালৈ সদন স্থগিত কৰা হয়। বিৰোধীয়ে মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিচাৰি আছে। বিৰোধীয়ে দাবী কৰিছে যে মোডীয়ে মণিপুৰ সন্দৰ্ভত মন্তব্য কৰিব লাগে। কিন্তু শাসকীয় পক্ষই কৈছে যে, তেওঁলোক আলোচনা কৰিবলৈ সাজু। কিন্তু মোদী নহয়, অমিত শ্বাহে মণিপুৰৰ ওপৰত মন্তব্য কৰিব।

Related Articles