আমি প্ৰায়ে শুনি আহিছো যে প্ৰতিদিনে কণী খাব লাগে। কিন্তু এটা বিশেষ বয়সৰ লোকৰ বাবে কণী ছুপাৰফুড হয়। কাৰণ ইয়াত বহু পুষ্টিকৰ উপাদান পোৱা যায়। যিয়ে আমাৰ শৰীৰক বহু দিশত উপকৃত কৰে। ৪০ বছৰৰ পিছত মানুহৰ হাড় দুৰ্বল হ’বলৈ ধৰে আৰু প্ৰায়ে পেশীৰ বিষ হয়। এনে পৰিস্থিতিত তেওঁলোকৰ কণী কাব লাগে। কণী সেৱন কৰিলে প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ হয়, লগতে ভিটামিন আৰু কেলচিয়ামও শৰীৰত উপলব্ধ হয়। যদি আপুনি এটা সিজোৱা কণী খায়, তেন্তে শৰীৰত ৬.৩ গ্ৰাম প্ৰটিন, ৭৭ কেলৰি, ২১২ মিলিগ্ৰাম কলেষ্টেৰল, ০.৬ গ্ৰাম কাৰ্ব, ৫.৩ গ্ৰাম স্বাস্থ্যকৰ চৰ্বিৰ লগতে ভিটামিন-এ, ভিটামিন-বি২, ভিটামিন-বি৫ লাভ কৰি। ৪০ বছৰৰ পিছৰ লোকে প্ৰটিন, ভিটামিন আৰু কেলচিয়াম লাভ কৰিলে শৰীৰৰ পৰা দুৰ্বলতাৰ নোহোৱা হৈ যাব। সেইবাবেই ৪০ বছৰ বয়সত নিয়মীয়া খাদ্যত কণী অন্তৰ্ভুক্ত কৰিব লাগে।
গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত ডায়েটিচিয়ান ডাঃ আয়ুষী যাদৱৰ মতে, ৪০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকে এসপ্তাহত কমেও ৭টা কণী খাব লাগিব, অৰ্থাৎ প্ৰতিদিনে এটাকৈ কণী খাব লাগিব। কেৱল সিজোৱা কণী খাওক, কাৰণ এইটোৱেই আটাইতকৈ স্বাস্থ্যকৰ উপায়।