Breaking

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস পালন

0 134

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন।

ব্যঘ্ৰ দিৱস উপলক্ষে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা হয় এক সজাগতা সভা। সভাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গাঁৱৰ গাওঁ প্ৰধান,ই.ডি.চি ৰ সভাপতি সম্পাদক,ৰাইজ লগতে ৰাষ্ট্ৰীয় উদ্যান খনৰ বন বিষয়া সকলে বাঘ সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা হাতত লয়।

ৰাইজৰ মাজত পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা,বন্য প্ৰাণীৰ প্ৰতি সজাগতা আৰু দায়িত্ব আনিবলৈ বা বিভিন্ন সময়ত ৰাষ্ট্ৰীয় উদ্যান খনৰ দাঁতি-কাষৰীয়া অঞ্চলৰ মানুহৰ সহায় সহযোগিতা সম্পৰ্কে সভাত উপস্থিত থকা প্ৰতি গৰকী ব্যক্তিয়ে বিতংকৈ আলোচনা কৰে।

উক্ত সভাখনত উপস্থিত থাকে সহকাৰী বনসংৰক্ষক ৰাজিব হাজৰিকা,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন আঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰী,WWF জৈষ্ঠ প্ৰকল্প বিষয়া হীতেন বৈশ্য,সমীৰ দাস, বিশিষ্ট বন্যপ্ৰাণী ফটোগ্ৰাপাৰ নেজিৱ আহমেদ,ফিচাৰ প্ৰকল্প বিষয়া ইনামুল হক আহমেদ,ঢেকিয়াজুলিৰ প্ৰকৃতিপ্ৰেমী দিলীপ নাথ,শিলবৰীৰ প্ৰকৃতি প্ৰেমী আৰু সমাজ সেৱক আব্দুল মালেক, বনকৰ্মী প্ৰাঞ্জিৎ ডেকা, ছফিকুল ইছলাম,মমী বসুমতাৰী,নয়ন মনি দাস আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল।

Leave A Reply

Your email address will not be published.