Breaking

নাজিৰাত গ্ৰীষ্মকালীন যোগাসন প্ৰশিক্ষণ কৰ্মশালা

0 83

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ১জুলাইৰ পৰা ২৯জুলাই লৈকে মাহযোৰা কাৰ্যসূচীৰে গ্ৰীষ্মকালীন যোগাসনৰ কৰ্মশালা অনুষ্ঠিত হয়।


যোগাসন প্ৰশিক্ষণ কৰ্মশালা যোগেদি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও শৰীৰ সুস্থ সবল কৰি তুলিবলৈ শাৰীৰিক ব্যায়ামৰ প্ৰ‌য়োজন সেই উদ্দেশ্যে আগত ৰাখি এই কৰ্মশালাটো অনুষ্ঠিত কৰে।


শনিবাৰে সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগাসনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

প্ৰতিযোগিতাত বিজয়ী প্ৰাৰ্থীক স্মাৰক আৰু মানপত্ৰ পুৰস্কৃত কৰা হ’ব আৰু লগতে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলোকে মানপত্ৰ দিয়া হয়।


অনুষ্ঠানটোত ৱাৰ্ড সদস্যা শুৱলা দাস, শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্য গোপাল বৰুৱা, নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমূখ্য কৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

-দিলীপ হাজৰিকা, নাজিৰা

Leave A Reply

Your email address will not be published.