সদৌ অসম পাতৰ সমাজৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সফল সামৰণি…

সদৌ অসম পাতৰ সমাজ, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা পাতৰ যুৱ মঞ্চৰ সহযোগত সমগ্ৰ বিশ্বনাথ জিলাতে গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত পাতৰ জনগোষ্ঠী অধ্যোষিত গাওঁ আৰু চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰূপায়ণ কৰা বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ আজি সফল সামৰণি হয়। জিলা খনৰ পাতৰ জনগোষ্ঠী অধ্যুষিত বালিজান পাতৰবস্তি নামঘৰ কেন্দ্ৰতো আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সভাপতিত্ব কৰে চতিয়া আঞ্চলিক সভাপতি ৰূপলাল পাতৰে। মুখ্য অতিথি হিচাবে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মহিম হাতীবৰুৱা , পাতৰ সমাজৰ মুখ্য উপদেষ্টা হৰেণ পাতৰ আৰু জিলা মহিলা সমিতিৰ সভানেত্ৰী-বাসন্তী পাতৰে শুভেচ্ছামূলক মন্তব্য দিয়াৰ লগতে এই বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ গুৰি ধৰোঁতা ব্যক্তি, প্ৰাথমিক সমিতিৰ বিষয়ববীয়া আৰু সহযোগিতা আগবঢ়োৱা ব্যক্তি সকলৰ লগতে অভিভাৱক সকলক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে ধূলি-বালিচাং কেন্দ্ৰত মুখ্য অতিথি হিচাবে কৃতি শিক্ষক মিখাইল তিৰ্কী, সমাজকৰ্মী শিৱনাথ পৰজা আৰু আশা পৰ্যবেক্ষিকা ৰেণুবালা মিঞ্জ ; চামগুৰি-ঘিলাধাৰী কেন্দ্ৰত কৃতি শিক্ষক মংগলসিং ভূমিজ, বিশ্বনাথ আঞ্চলিক সম্পাদক- গনেশ পাতৰে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক উৎসাহিত কৰাৰ লগতে সামৰণি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। যুৱ মঞ্চৰ সম্পাদক বিকি পাতৰৰ আঁত ধৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে বিশ্বনাথ জিলা সম্পাদক কৃষ্ণ পাতৰে।

এই গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীটি সফল হোৱাৰ ক্ষেত্ৰত পাতৰ সমাজখনৰ যুৱ শক্তি আৰু ৰাইজৰ সহযোগিতাই হৈছে ‘মূল মন্ত্ৰ’ বুলি উল্লেখ কৰে কৃষ্ণ পাতৰে । উল্লেখ্য যে বিনামূলীয়া পাঠদান কাৰ্যসূচীত বিদ্যায়তনিক দিশতকৈ সহ-বিদ্যায়তনিক দিশত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। ডিম্বেশ্বৰ পাতৰ আৰু সৌভেৰিণডি পাতৰে শৰীৰ চৰ্চা; জগদীপ পাতৰে কলা-শিক্ষা; ৰঞ্জন পাতৰে স্বাস্থ্য বিধি; সত্যনাৰায়ণ পাতৰ আৰু লক্ষ্মীনাৰায়ণ পাতৰে কবিতা আবৃত্তি, সাধুকথা, অভিনয়, নৃত্য-গীত আদি দিশত সমল ব্যক্তি হিচাবে আৰু বিদ্যায়তনিক দিশত প্ৰশিক্ষক হিচাবে অৰ্চনা পাতৰ, স্বপ্না পাতৰ, নীলমায়া কুমাৰী পাতৰ, ড্ৰীম ৰ’জ পাতৰ, বৰুণ পাতৰ, মনালিছা পাতৰ, অজয় পাতৰ, প্ৰতিমা পাতৰ, জোশীলা মুণ্ডা, নমিতা পাতৰ, ধনেশ্বৰী পাতৰ, মামণি বাউৰী পাতৰ প্ৰমুখ্যে যুৱ মঞ্চৰ সদস্য-সদস্যা সকলে বিভিন্ন কেন্দ্ৰত পাতৰ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অংশগ্ৰহণ কৰা সকলো জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক সুন্দৰ ভাৱে পাঠদান কৰে।

এই কাৰ্যসূচীত জিলা খনৰ মুঠ ৬টা কেন্দ্ৰত প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি উপকৃত হৈছে বুলি বিশ্বনাথ জিলা শিক্ষা আৰু সাহিত্য সম্পাদক লাচিত পাতৰ আৰু যুৱ মঞ্চৰ সভাপতি পদ্ম পাতৰে জানিবলৈ দিয়ে। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত নৃত্য, গীত আদিৰ উপৰিও এই বিনামূলীয়া পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে প্ৰশিক্ষক তথা সমল ব্যক্তি সকলক সদৌ অসম পাতৰ সমাজ, বিশ্বনাথ জিলা সমিতি আৰু বিশ্বনাথ জিলা পাতৰ যুৱ মঞ্চৰ তৰফৰ পৰা একোখনকৈ মান পত্ৰ প্ৰদান কৰা হৈছে।

Related Articles