টেঙাখাতত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে টেঙাখাত আৰক্ষীৰ ভূমিকাক লৈ সন্তুষ্ট নহয় টেঙাখাত অঞ্চলবাসী। দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধুলি দি টেঙাখাতত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই নিতৌ ন-ন কৌশলেৰে মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই মানৱ দেহক কোঙা কৰি অহাৰ কথা বিগত সময়ত বিভিন্ন সংবাদমাধ্যমে বাতৰি সম্প্ৰচাৰ কৰি আহিছে।

এই ক্ষেত্ৰত মাজে সময়ে টেঙাখাত আৰক্ষীয়ে দুই এটা পুঠি খলিহনা ধৰি ৰাইজৰ বাঃ বাঃ ল’বলৈ সক্ষম হয় যদিও আৰক্ষীৰ জেৰাত গ্ৰেপ্তাৰ কাৰীয়ে অকপট নাম স্বীকাৰ কৰাৰ পাছতো কিন্তু আজিলৈকে কোনো এটা ৰৌ বৰালি ধৰিবলৈ সক্ষম নোহোৱাটোৱেই আজিৰ তাৰিখত আটাইতকৈ আশ্চৰ্য বিষয় হৈ পৰিছে।

এনে সময়তে বুধবাৰে এক বিশেষ খবৰৰ ভিত্তিত টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীনাথ দলেৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ৰমাই মটক চাহ বাগিচা অঞ্চলত এটা ড্ৰাগছ পেডলাৰক হাতে লুটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ধৃত ড্ৰাগছ পেডলাৰটো ৰমাই অঞ্চলৰ নিতুল গগৈ(২৪) বুলি জানিব পৰা গৈছে। কিন্তু আটকাধীন নিতুল গগৈৰ লগত একেখন বাইকতে বহি অহা ড্ৰাগছ মাফিয়া জিন্টু বুঢ়াগোঁহাই আৰক্ষীৰ হাতৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়।

ধৃত ড্ৰাগছ পেডলাৰটোৰ পৰা আৰক্ষীয়ে ৯ গ্ৰাম ড্ৰাগছৰ লগতে ২ টা প্লাষ্টিক কণ্ট্ৰেনাৰ আৰু AS06AJ1210 নম্বৰৰ ৰঙা ৰঙৰ এখন বুলেট বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷

এই ক্ষেত্ৰত অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি মানৱ দেহক পংগু কৰা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।


-ব্ৰজেন গগৈ, টেঙাখাত

Related Articles