Breaking

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ দেহাৱসান…

0 111

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ বিজ্ঞানী ডঃ প্ৰণৱ জ্যোতি চেতিয়াৰ দেহাবসান। বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ অসুষ্ঠ হৈ পৰা চেতিয়া নিজেই গাড়ী চলাই গৈ উপস্থিত হৈছিল সঞ্জীৱনী নাছিং হ’মত।সময় তেতিয়া আঠ বাজি পাৰ হৈছিল।কিন্তু চিকিৎসকৰ পৰামৰ্শ গ্ৰহন কৰাৰ পূৰ্বেই হঠাৎ হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱতিলে বিজ্ঞানী গৰাকীয়ে।চেতিয়াৰ হঠাৎ মৃত্যুৰ বাতৰিয়ে শোক স্তব্ধ কৰি তুলিলে সমগ্ৰ যোৰহাটৰ ৰাইজক।

যদিও চাকৰি সূত্ৰে যোৰহাটত আছিল তথাপি সামাজিক জীৱনত যোৰহাটত কম দিনৰ ভিতৰতে তেখেতৰ অৱদান আছিল অলেখ।উল্লেখ্য ডঃ চেতিয়াৰ মৃতদেহ পুৱাই পৰিয়ালে তেওঁৰ জন্মচহৰ ডিব্ৰুগড় লৈ লৈ যায় শেষকৃত্য সম্পন্নৰ বাবে।

Leave A Reply

Your email address will not be published.