Breaking

লাহোৱালৰ ইকৰাতলী গাঁৱৰ জেউতী বৰুৱা ফুকনৰ ঔষধ সেৱনেৰে বহু ৰোগী হৈছে সুস্থ…

0 248

আপোনাৰ বাৰীৰ চুকতো থাকিব পাৰে মাৰাত্মক কেঞ্চাৰ প্ৰতিৰোধী ঔষধ। কেঞ্চাৰে নহয় এজমা,ব্ৰেইন টিউমাৰ আদি ভিন্ন ৰোগ নিৰাময়ৰ ঔষধ থাকিব পাৰে আপোনাৰ কাষতে। বনৌষধি ঔষধ সেৱনেৰে বিভিন্ন ৰোগৰ পৰা মুক্তি পাব পাৰে আপুনি। লাহোৱালৰ ইকৰাতলী গাঁৱৰ এগৰাকী মহিলা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। ইকৰাতলী জেউতী বৰুৱা ফুকনৰ ঘৰত বাৰীত আছে অজস্ব্ৰ বেমাৰৰ ঔষধ। এখন যেন ফাৰ্মাচীলৈ পৰিৱৰ্তিত হৈছে এই মহিলাগৰাকীৰ ঘৰখন। এইগৰাকী জেউতি বৰুৱা ফুকন নিজেই আক্ৰান্ত হৈছিল ব্লাড কেঞ্চাৰত। বহু বছৰ ধৰি ব্লাড কেঞ্চাৰত ভুগি আছিল তেওঁ। চিকিৎসা কৰি পোৱা নাছিল উপশম। অৱশেষত বাৰীতে থকা বনৌষধিৰে ঔষধ বনাই খাবলৈ লৈছিল তেওঁ আৰু সেইয়া যেন সফল হ’ল। সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিল তেওঁ। ইয়াৰ পিছত তেওঁ ৰৈ থকা নাই, ঘৰতে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি তেওঁ বহুজনক দিছে কেঞ্চাৰ,ব্ৰেইন টিউমাৰ, এজমা,পাইলচৰ ঔষধ। তেওঁ দাবী কৰিছে বহু ৰোগী সুস্থ হৈছে তেওঁৰ ঔষধ খাই। আজি কালি পুৱাই তেওঁৰ ঘৰত ভিৰ লাগে। ভিন্ন ৰোগৰ ঔষধ বিচাৰি জেউতী বৰুৱা ফুকনৰ ওচৰলৈ আহে ৰোগী।

নতুনকৈ তেওঁ চকুৰ ৰোগৰো ঔষধ উদ্ভাৱন কৰিছে। চকুৰ কেটেৰেক পৰাকে ধৰি ভিন্ন চকু ৰোগৰ ঔষধ বিচাৰি উলিয়াইছে। ইতিমধ্যো কেইবাজনো ৰোগীক এই ঔষধ দি সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁৰ ঔষধত সুস্থ হৈছে ১০ জন ব্লাড কেঞ্চাৰ ৰোগী।অন্যহাতে চিকিৎসকে ৰিমভ কৰিবলৈ দিয়া ইউৰেটাচৰো ঔষধ আছে জেউতিৰ হাতত। ইউৰেটাছ ৰিমভ নকৰাকৈয়ে এই বনৌষধি ঔষধ খাই সুস্থ হ’ব পাৰিব। ইতিমধ্যো এই ঔষধ খাই ইউেৰটাছৰ পৰা মুক্ত হৈ এগৰাকী গৰ্ভৱতী মহিলাই সুন্দৰ ৰূপত সন্তান জন্ম দিয়া বুলি তেওঁ দাবী কৰিছে। বিগত ডেৰ দশক ধৰি তেওঁ বিভিন্ন ৰোগীক প্ৰদান কৰি আহিছে ঔষধ।

কিন্তু ৰাইজক আশ্বস্ত কৰিব পৰাকৈ তেওঁ এইবাৰ পাইছে চৰকাৰৰ স্বীকৃতি। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনত গোৱাত তেওঁ প্ৰশিক্ষন গ্ৰহণ কৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। জেউতি বৰুৱা ফুকনে এই ঔষধ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ কৰে বাৰীতে থকা কেইটামান বিশেষ বনৌষধি। লগতে ব্যৱহাৰ কৰে কম পৰিমাণে গো মূত্ৰ আৰু বনৌষধি সমূহ ছিঙি অনাৰ পিছত স্থানীয় কেইগৰাকীমান মহিলাৰ সৈতে লগ হৈ প্ৰস্তুত কৰে ঔষধ। জেউতী বৰুৱা ফুকনৰ এই ঔষধক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। কেইবাজনো ৰোগী সুস্থ হোৱাৰ প্ৰমাণ লাভ কৰি বহুজনে ভিৰ কৰিছে তেওঁৰ ওচৰত।

Leave A Reply

Your email address will not be published.