Breaking

দেৰগাঁৱৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি…

0 77

দেৰগাঁৱৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান। শনিবাৰে দেৰগাঁৱৰ সমীপবৰ্তী মিছামৰাৰ খনিকৰ শ্ৰীমন্ত জ্যোতি সাংস্কৃতিক ৰঙ্গমঞ্চত কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন আৰু ৯জুলাই ২০২৩ তাৰিখৰ পৰা ২০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন নাট্য-নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান ভাগ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,সাহিত্য প্ৰতিযোগিতা।

সন্ধ্যা কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা “জিলমিল জোনাকীৰ চিলমিল পোহৰ” শীৰ্ষক নৃত্যানুষ্ঠান, স্থানীয় কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান কেইবাজনো বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা ,বঁটা বিতৰণী আদি অনুষ্ঠিত হয়। নিশালৈ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা নাট্যকাৰ দেৱব্ৰত মহন্তৰ দ্বাৰা ৰচিত ৰচিত ,অনুৰাগ বৰাৰ দ্বাৰা পৰিচালিত “লটকন কিয় কৰ এনেখন” আৰু নাট্যকাৰ বুলেন গোহাঁই দ্বাৰা ৰচিত অনুৰাগ বৰাৰ দ্বাৰা পৰিচালিত “মই ৰজা নহওঁ” নাটক মঞ্চস্থ কৰা হয়।

Leave A Reply

Your email address will not be published.