Breaking

নগাঁৱত বন বিভাগৰ অভিযানত দুটাকৈ অবৈধ কাঠফলা মিল জব্দ

0 39

দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ১ নবেম্বৰঃ আজি নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি সদৰ আঞ্চলিক ৰেঞ্জৰ অধীনৰ গান্ধীবৰি আৰু কটহগুৰি অঞ্চলত অভিযান চলাই দুটাকৈ অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, নগাঁও জিলাৰ গান্ধীবৰিৰ অঞ্চলৰ শংকৰ নাথ আৰু কটহগুৰিৰ অঞ্চলৰ দিপাংকৰ ডেকৰজা নামৰ ব্যক্তি দুজনে দীৰ্ঘদিন ধৰি অবৈধ ভাবে দুটাকৈ কাঠ ফলা মিল চলাই আহিছিল।

মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলাখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল। গোপন সূত্ৰৰ লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিল দুটা উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত দুটা ডিজেল জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বনপালক এক প্ৰভাত বৰাৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। আনহাতে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক, গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply

Your email address will not be published.