Breaking

আই ফ্লু কিয় বিয়পিছে ? আই ফ্লু হ’লে কি কৰিব আৰু কি নকৰিব জানি লওক…

0 172

আই ফ্লু কিয় বিয়পিছে ? আই ফ্লু হ’লে কি কৰিব, কি নকৰিব জানি লওক। বতৰৰ পৰিৱৰ্তনৰ লগে লগে চকুৰ সংক্ৰমণ দ্ৰুতগতিত বিয়পিছে। এই ৰোগৰ পৰা হাত সাৰিবলৈ কিছুমান কথা মনত ৰাখিব লাগে। এনে সময়ত সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। আই ফ্লু হ’লে চকুত জ্বলা-পোৰা, বিষ, ৰঙা পৰা আদি সমস্যা দেখা যায়। এই চকুৰ ৰোগ এলাৰ্জিৰ ফলতো হয়।

আই ফ্লুৰ কাৰণ সমূহ হৈছে-
আই ফ্লুৰ এটা চকুৰ পৰা আৰম্ভ হৈ দুয়োটা চকুতে হয়। আচলতে বাৰিষাৰ সময়ত বতাহৰ জৰিয়তে সংক্ৰমণ বিয়পোৱা বীজাণু আৰু বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পায়। যিহেতু আই ফ্লু এটা সংক্ৰামক ৰোগ আৰু ই এটা পৃষ্ঠৰ পৰা আন এটা পৃষ্ঠলৈ বিয়পি পৰে, গতিকে যিকোনো পৃষ্ঠ স্পৰ্শ কৰাৰ আগতে হাত দুখন ভালদৰে পৰিষ্কাৰ কৰক আৰু হাতেৰে চকু স্পৰ্শ নকৰব।

আই ফ্লুৰ লক্ষণ-
চকুৰ তীব্ৰ বিষ
চকু ৰঙা পৰা
চকুৰ পৰা আঠাযুক্ত হালধীয়া ৰঙৰ স্ৰাৱ ওলায়
খজুৱতি, দৃষ্টিশক্তি ম্লান হোৱা,

চকুৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে-
পৰিষ্কাৰ ঠাণ্ডা পানীৰে বাৰে বাৰে চকু ধুব লাগে।
চিকিৎসকে দিয়া চকুৰ ঔষধ চকুত লগাওক।
হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক।
হাত নোধোৱাকৈ চকু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
চকু দুটা ঘঁহিব নালাগে।
চকুৰ ফ্লু ৰোগীৰ পৰা দূৰত্ব বজাই ৰাখক।
আপোনাৰ টাৱেল, কাপোৰ, চাদৰ, চশমা, মেকআপ প্ৰডাক্ট, চকুৰ টোপাল পৃথকে পৃথকে ৰাখক।
চকুৰ পতা বাৰে বাৰে চকু টিপিয়াই থাকিব।
বৰষুণত তিতাৰ পৰা বিৰত থাকক।
কেতিয়াও চুইমিং পুলত গা ধুবলৈ নাযাব।
সৰু ল’ৰা-ছোৱালীয়ে হাত সঘনাই ধুব লাগে।
শিশুৱে বাৰে বাৰে চকুত হাত ফুৰাৰ পৰা ৰক্ষা কৰক।

লগতে যিকোনো ৰাজহুৱা স্থানলৈ যোৱাৰ পৰা বিৰত থাকক, কিয়নো ইয়াৰ ফলত সংক্ৰমণ বিয়পাব পাৰে।
যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই চশমা পিন্ধিব। হাত পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব।

Leave A Reply

Your email address will not be published.