Breaking

জামুগুৰি ব’হাগী মেলাৰ উদ্যোগত বাপুজী ভৱনত ৰাজহুৱা সভা৷ বিধায়ক পদ্ম হাজৰিকাক সভাপতি হিচাপে লৈ এশ জনীয়া কমিটি গঠন…

0 70

জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত শনিবাৰে জামুগুৰি ব’হাগী মেলাৰ উদ্যোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰাৰ সন্ধৰ্ভত বিষদ আলোচনা হোৱাৰ লগতে এখনি শক্তিশালী উদযাপন সমিতিও গঠন কৰা হয় ৷

পূৰ্বঘোষিত অনুসৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সভাপতি আৰু জয়ন্ত দাসক প্ৰধান সম্পাদক হিচাপে লৈ এখনি এশ জনীয়া শক্তিশালী কমিটি গঠন কৰা হয় ৷ সভাত বিধায়ক পদ্ম হাজৰিকাই কয়-জামুগুৰি বহাগী মেলাই অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক চহকী কৰি ৰাখিছে ৷ জামুগুৰিহাটৰ তিনিটা মৌজাৰ ৰাইজক সহযোগীতা লৈ জামুগুৰি বহাগী মেলাই এইবেলি ৰূপালী জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিচৰা কাৰ্যত মই অতিশয় সুখী ৷

জামুগুৰি বিহুমেলা জামুগুৰিয়া ৰাইজৰ পৰিচয় হওক বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সম্পাদক জয়ন্ত দাসে আতধৰা সভাখনিত অঞ্চলটোৰ কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ অহাবৰ্ষৰ এপ্ৰিলত ৰূপালীজয়ন্তী সমাৰোহৰ মূল কাৰ্যসুচী অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷

Leave A Reply

Your email address will not be published.