Breaking

ভিটামিন এ, বি, চি, ডিৰ দৰে ভিটামিন ‘পি’ও স্বাস্থ্যৰ বাবে অতি উপকাৰী…

0 55

ভিটামিন এ, বি, চি, ডিৰ দৰে ভিটামিন ‘পি’ও স্বাস্থ্যৰ বাবে অতি উপকাৰী। স্বাস্থ্যৰ বাবে পুষ্টিকৰ উপাদান অতি গুৰুত্বপূৰ্ণ। ভিটামিন পিক ফ্লেভন’ইড বুলিও জনা যায়। ভিটামিন পি আচলতে ফাইটো নিউট্ৰিয়েণ্ট, যিবোৰত এণ্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন পি কোনবোৰ খাদ্যত পোৱা য়ায় জানক…

ভিটামিন পিৰ ৬টা উপকাৰ-

ভিটামিন পি থকা খাদ্য খালে ৰক্তবাহী নলীবোৰে ভালদৰে কাম কৰে। ভিটামিন পি ৰ ফলত হৃদযন্ত্ৰৰ ভালে থাকে।

ভিটামিন পি এ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। ইয়াৰ ফলত কোষৰ ক্ষতি নহয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। যাৰ বাবে শৰীৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হৈ পৰে।

ভিটামিন পিয়ে এলাৰ্জী, হাঁপানী আৰু বাতবিষৰ দৰে ৰোগত সকাহ দিব পাৰে।

ভিটামিন পি সমৃদ্ধ খাদ্য সেৱন কৰাটো ছালৰ বাবে অতি উত্তম। ইয়াৰ ফলত ছালৰ কেপিলাৰী উন্নত হয়। ভেৰিকোজ ভেইনৰ দৰে সমস্যাও কম হয়। যদি ছালত আঘাত পোৱাৰ পিছত ঘা হৈছে তেন্তে তাৰ বাবে ভিটামিন পি উপকাৰী হ’ব পাৰে।

ভিটামিন পি চকুৰ বাবেও উপকাৰী। ইয়াৰ ফলত চকুৰ বহু সমস্যাৰ অন্ত পৰে আৰু দৃষ্টিশক্তিও উন্নত হয়।

কমলা, নেমু আৰু আমলখি , ডাৰ্ক চকলেট, ৰাস্পবেৰী, ব্লুবেৰী, ব্লেকবেৰী আৰু ষ্ট্ৰবেৰী, আপেলত পোৱা ফ্লেভনন কুৱেৰচেটিন ভিটামিন পিৰ এক উত্তম উৎস। ভিটামিন পি চাহতো পোৱা যায়। বন্ধাকবি, কচু আৰু ব্ৰকলিৰ দৰে সেউজীয়া আৰু পাতল শাক-পাচলিতো ভিটামিন পি পোৱা যায়।


Leave A Reply

Your email address will not be published.