Breaking

সশস্ত্ৰ সীমা বলৰ মুখ্য কাৰ্যালয়, গুৱাহাটী আৰু ১বিএন সোণাপুৰৰ উদ্যোগত “হৰ ঘৰ তিৰঙ্গা” অভিযানৰ অধীনত তিনিদিনীয়া বিশেষ কাৰ্যসূচী

0 69

১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ জনসাধাৰণক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰাৰ বাৰ্তাৰে সীমান্ত মুখ্য কাৰ্যালয় এছ এছ বি গুৱাহাটী, সোণাপুৰৰ “হৰ ঘৰ তিৰঙা” অভিযান।

আৰ.কে. বুমলাৰ নিৰ্দেশনাত মহাপৰিদৰ্শক সীমান্ত মুখ্য কাৰ্যালয়, গুৱাহাটী, সোণাপুৰে চাইকেল ৰেলী আৰু বাইক ৰেলীৰ আয়োজন কৰে, যাতে ৰাইজক “হৰ ঘৰ তিৰঙা” অভিযানৰ বিষয়ে সজাগ কৰা হয়।

দেওবাৰে পুৱা ৯.৩০ বজাত ফাৰ্ষ্ট কৰ্পছ সোণাপুৰৰ পৰা ‘চাইকেল ৰেলী আৰু বাইক ৰেলী’ৰ ফ্লেগ অফ কৰে গুৱাহাটী, সোণাপুৰৰ কমাণ্ডেণ্ট ফ্ৰন্টিয়াৰ হেডকোৱাৰ্টাৰ মিষ্টাৰ অৰবিন্দ ভাৰ্মাই।

এই উপলক্ষে ফাৰ্ষ্ট কৰ্পছৰ ভাৰপ্ৰাপ্ত অধিনায়ক অনুজ কুমাৰ, অন্যান্য বিষয়া, অধীনস্থ বিষয়া আৰু বহু সংখ্যক জোৱানে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.