চন্দ্ৰযান-৩ৰ পিছত সূৰ্যৰ ওপৰত গৱেষণাৰ বাবে সাজু ইছৰো।
আদিত্য এল ১ৰ সৈতে নতুন মিছন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ।
সূৰ্য্যৰ গতিবিধি আৰু ইয়াৰ বিকিৰণ পৰ্যবেক্ষণৰ বাবে হ’ব এই অভিযান।
চন্দ্ৰযান-৩ৰ পিছত পৰৱৰ্তী অভিযানৰ বাবে সাজু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা।
আদিত্য এল ১ হ’ব সূৰ্য্যৰ ওপৰত অধ্যয়ন কৰা প্ৰথমটো ভাৰতীয় অভিযান।
মহাকাশযানখনক পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা কক্ষপথত স্থাপন কৰা হ’ব।
সৌৰ গতিবিধি আৰু মহাকাশৰ বতৰৰ ওপৰত পৰ্যবেক্ষণ কৰিব এই অভিযানে।