লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ছানি দেউলে।
২০২৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে ছানি দেউলে।
বৰ্তমান ছবি গাদাৰ ২ ৰ বাবে চৰ্চাত বলীউড অভিনেতা ছানী দেউল।
বক্স অফিচত গাদাৰ ২ ৰ ধুমুহা।
এক সাক্ষাৎকাৰত কয় যে তেওঁ পৰৱৰ্তী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি কয়।
তেওঁ অভিনয়ৰ মানুহ বুলি মন্তব্য কৰে।
এজন অভিনেতা হিচাপেহে দেশৰ সেৱা কৰিব লাগে বুলি তেওঁ কয়।
একেলগে বহু কাম কৰা অসম্ভৱ।
এটা সময়ত এটা কামহে কৰিব পৰা যায় বুলি তেওঁ কয়।
যি চিন্তাৰে তেওঁ ৰাজনীতিত আহিছিল, সেয়া অভিনেতা হিচাপেও কৰিব পাৰি।
সেইবাবেই মই পৰৱৰ্তী লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছো।
অভিনয়ত থাকিও যি ইচ্ছা কৰিব পাৰে বুলিও কয় ছানী দেওলে। কিন্তু যদি তেওঁলোকে ৰাজনীতিত কিবা এটা কৰে আৰু তাৰ পিছত কৰিব নোৱাৰে। সেইবাবেই তেওঁ কেৱল অভিনয়ৰ জগতখনত আগবাঢ়ি থাকিব বিচাৰে।
সাংসদ হিচাপে লোকসভাত ছানী দেওলৰ উপস্থিতি মাত্ৰ ১৯ শতাংশহে হৈছে। এই সন্দৰ্ভত ছানী দেউলে কয় যে দেশ পৰিচালনা কৰা লোকসকল লোকসভাত বহি থাকে। ইয়াত সকলো দলৰ নেতা থাকে। কিন্তু তাত যি ধৰণৰ আচৰণ কৰা হয়, সেয়া বাল নালাগে। মই আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰো বুলি মন্তব্য কৰে।