৩৬ বছৰ বয়সত মৃত্যু ডব্লিঅ’ ডব্লিঅ’ ই প্ৰাক্তন চেম্পিয়ন ব্ৰে’ ৱায়াটৰ…

৩৬ বছৰ বয়সত মৃত্যু ডব্লিঅ’ ডব্লিঅ’ ই প্ৰাক্তন চেম্পিয়ন ব্ৰে’ ৱায়াটৰ। ছ’চিয়েল মিডিয়াত ‘ট্ৰিপল এইচ’ লেভেস্কে জনাইছে যে WWEৰ প্ৰাক্তন চেম্পিয়ন ব্ৰে ৱায়াটৰ ৩৬ বছৰ বয়সত মৃত্যু হৈছে। ৱায়াট, যাৰ প্ৰকৃত নাম আছিল উইণ্ডহাম ৰটাণ্ডা। ফেব্ৰুৱাৰী মাহত WWE টিভিৰ পৰা আঁতৰাই দিয়া হৈছিল । এক সংকটজনক ৰোগৰ বলি হোৱাৰ বাবে কৰ্মক্ষেত্ৰৰ পৰা আঁতৰি আছিল। অৱশেষত মৃত্যুক সাৱটি ল’লে প্ৰাক্তন চেম্পিয়ন ব্ৰে’ ৱায়াটে।

দুবাৰৰ WWE চেম্পিয়ন হৈছিল ব্ৰে’ ৱায়াট। ৰেণ্ডী অৰ্টন, জন চিনা আৰু দ্য আণ্ডাৰটেকাৰৰ দৰে খেলুৱৈৰ বিৰুদ্ধে খেলিছিল ব্ৰে’ ৱায়াটে।

Related Articles