Breaking

নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ অমানৱীয় কাণ্ড: বনকৰা মহিলাক গৰম পানী ঢালি, বাথৰুমত ভৰাই অকৰ্থ্য নিৰ্যাতন!

0 294

এ পি এছ শুভলক্ষ্মী দত্ত পেছাত নাজিৰাৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া। পিছে, এই গৰাকী এ পি এছ বিষয়াৰ নাৰকীয় কৰ্ম-কাণ্ড দেখি সকলোৰে চকু কপালত উঠিছে। মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই নাজিৰাৰ চৰকাৰী কোঠাত বনকৰা হিচাপে কৰ্মৰত অনিমা প্ৰজা নামৰ মহিলাগৰাকীক কেইবাদিন ধৰি শাৰিৰীক আৰু মানসিক ভাৱে অমানৱীয় নিৰ্যাতন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, বনকৰা মহিলাগৰাকীক আৰক্ষী বিষয়া গৰাকীয়ে নিৰ্যাতন চলোৱা কাৰ্য আজি চৰম সীমা অতিক্ৰম কৰে। এই নিৰ্যাতন সহিব নোৱাৰি অৱশেষত বনকৰা মহিলা গৰাকীয়ে মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয়।

নাজিৰা আদৰ্শ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ মৰ্মে অনিমা প্ৰজা নামৰ বনকৰা মহিলা গৰাকীক গাত গৰম পানী ঢালি, বাথৰুমত ভৰাই অকথ্য নিৰ্যাতন কৰি আহিছে আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই। মহিলা গৰাকীৰ শৰীৰত নিৰ্যাতনৰ দাগ সমূহ দেখি আটছাই বৰ্তমানে চিকিৎসালয়ত প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰায় আৰু বৰ্তমানে নাজিৰা আদৰ্শ আৰক্ষী থানাত মহিলা গৰাকীয়ে মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ অমানৱীয় সমগ্ৰ ঘটনাৰ বিৱৰণ দি ভাষ্য প্ৰদান কৰিছে।


সমান্তৰালকৈ এই ঘটনা সন্দৰ্ভত আটছাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচিত তদন্তৰ দাবী জনাইছে। নিৰ্যাতনৰ বলি হোৱা বনকৰা মহিলা অনিমা প্ৰজাৰ অভিযোগ সন্দৰ্ভত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে।

Leave A Reply

Your email address will not be published.