Breaking

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ’ এন জি চি তেল পৰিবাহী পাইপ, আতংকিত ৰাইজ

0 39

দৈনন্দিন বাৰ্তা সেৱা, নাজিৰা, ৪ নৱেম্বৰঃ বাঘজানৰ পিছত এইবাৰ শিৱসাগৰত ঘটিল অনুৰূপ ঘটনা। শিৱসাগৰ জিলাৰ বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ফুটিল অ’ এন জি চিৰ তেল পৰিবাহী পাইপ।

বলিয়াঘাট পথলিয়াল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অ’ এন জি চিৰ পাইপ ফুটি নিৰ্গত হয় অহৰহ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ। ফ’ৰলেন পথৰ কাম কৰি থকা অৱস্থাত সংঘটিত হৈছে এই অঘটন। গেছ আৰু তেল নিৰ্গত হৈ থকাৰ ফলত অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে।

অ’ এন জি চিৰ বলিয়াঘাটস্থিত GGS-1 ত তেল গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত হয় তেল আৰু প্ৰাকৃতিক গেছ৷ লগে-লগে ৰাইজে অ’ এন জি চি কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে।

যদিও এক ঘন্টা পিছতহে নিগম কৰ্তৃপক্ষ উক্ত স্থানত উপস্থিত হোৱা বুলি স্থানীয়ে ৰাইজে জানিব দিয়ে৷ পৰৱৰ্তী সময়ত নিশালৈ পুনৰ পূৰ্বৰ পৰিস্থিতিৰ সূচনা হয় বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.