Breaking

‘কংগ্ৰেছ’ৰ ৫ টা গেৰাণ্টি কেৱল আঁচনি নহয়, এয়া সুশাসনৰ নিশ্চয়তা’: কৰ্ণাটকত ৰাহুল গান্ধী…

0 61

কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া পাঁচটা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ভিতৰত ‘গ্ৰুহা লক্ষ্মী’ আঁচনিখন বুধবাৰে মাইচুৰত কংগ্ৰেছৰ নেতৃত্বত কৰ্ণাটক চৰকাৰে আৰম্ভ কৰে। আঁচনি খনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাহুল গান্ধীয়ে কয় যে “কৰ্ণাটকত কংগ্ৰেছৰ ৫টা ‘গেৰাণ্টি’ কেৱল আঁচনি নহয়, সেইবোৰ হৈছে সুশাসনৰ আৰ্হি।” ৰাহুল গান্ধীয়ে কয় “আমি নিৰ্বাচনৰ পূৰ্বে আপোনালোকক আশ্বাস দিছিলো যে কংগ্ৰেছ দল আৰু ইয়াৰ নেতাসকলে তেওঁলোকৰ কথা পালন কৰে। আজি যেতিয়া আমি এই বুটামটো টিপিম ২০০০ টকা পোনপটীয়াকৈ কোটি কোটি মহিলাৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হ’ব,”। তেওঁ লগতে কয়, “আজিৰে পৰা কোটি কোটি মহিলাই প্ৰত্যক্ষ স্থানান্তৰ পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টত প্ৰতি মাহে ২০০০ টকা লাভ কৰিব।” “আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলো যে নিৰ্বাচনৰ পিছত কৰ্ণাটকৰ মহিলাসকলে বাছত বিনামূলীয়াকৈ ভ্ৰমণ কৰিব। আঁচনিখনৰ নাম আছিল ‘শক্তি’ আৰু আমি ইয়াক পূৰণ কৰিছো,” ৰাহুল গান্ধীয়ে কয়। তেওঁ কয় যে পাঁচটা আঁচনিৰ ভিতৰত চাৰিখন আঁচনিৰ উদ্দেশ্য আছিল মহিলাসকলক শক্তিশালী কৰা।তেওণ কয় ” ইয়াৰ আঁৰত এটা গভীৰ ধাৰণা আছে”। আঁচনিখনে বিপিএল পৰিয়ালৰ মহিলা মুৰব্বীগৰাকীক মাহিলী ২০০০ টকাৰ সাহায্য প্ৰদান কৰিব।

কৰ্ণাটকৰ মাইচুৰুত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সকলৰ ভিতৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য নেতাসকলো আছিল। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে আজি কোটি কোটি মহিলাই তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ২০০০ টকা লাভ কৰি উপকৃত হ’ব।কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে কয় যে ই হ’ব “মহিলাসকলৰ বাবে গ্ৰহণ কৰা বিশ্বৰ সৰ্ববৃহৎ কল্যাণমূলক আঁচনি”।
কৰ্ণাটকৰ ১.২৮ কোটি পৰিয়ালৰ মুৰব্বী মহিলা এই আঁচনিৰ দ্বাৰা লাভান্বিত হ’ব বুলি আশা কৰা হৈছে,। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই মঙলবাৰে কৈছিল যে কংগ্ৰেছে ৰাজ্যখনৰ জনসাধাৰণক ঘোষণা কৰা পাঁচটা গেৰাণ্টি কাৰ্যকৰী কৰাৰ বাবে তেওঁৰ চৰকাৰৰ ৰাজনৈতিক ইচ্ছা আছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে পাঁচখন আঁচনি ৰূপায়ণৰ বাৰ্ষিক ব্যয় হ’ব প্ৰায় ৫০,০০০ কোটি টকা। ইয়াৰ আগতে কংগ্ৰেছে এই বছৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ জনসাধাৰণক পাঁচটা মুখ্য গেৰাণ্টি দিছিল। পাঁচটা ‘মুখ্য’ গেৰাণ্টি হৈছে সকলো পৰিয়ালৰ বাবে ২০০ একক বিনামূলীয়া বিদ্যুত শক্তি (গ্ৰুহা জ্যোতি); প্ৰতিটো পৰিয়ালৰ মহিলা মুৰব্বীক ২০০০ টকাৰ মাহিলী সাহায্য (গ্ৰুহা লক্ষ্মী); বিপিএল পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে ১০ কিলোগ্ৰাম চাউল বিনামূলীয়া (আন্না ভাগ্য); নিবনুৱা স্নাতক যুৱক-যুৱতীসকলৰ বাবে প্ৰতি মাহে ৩,০০০ টকা আৰু নিবনুৱা ডিপ্লোমা ধাৰকসকলৰ বাবে দুবছৰৰ বাবে ১,৫০০ টকা (১৮-২৫ বছৰ বয়সৰ ভিতৰত ) (যুৱ নিধি) আৰু ৰাজহুৱা পৰিবহন বাছত মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণ (উচিতা প্ৰয়ানা)ৰ সুবিধা প্ৰদান।

Leave A Reply

Your email address will not be published.