Breaking

ছিপাঝাৰ সমষ্টিৰ বিহাইগাঁৱৰ ধন বাহাদুৰ আৰু নাই…

0 69

ছিপাঝাৰ সমষ্টিৰ বিহাইগাঁৱৰ ধন বাহাদুৰ আৰু নাই। পশ্চিম দৰঙৰ সকলোৰে চিনাকি ধন বাহাদুৰ আৰু নাই। বিগত ৪৫বছৰে নিজাকৈ এটা সুকীয়া পৰিচয় গঢ়ি তুলিছিল ধন বাহাদুৰে। মানুহৰ কল্যাণ আৰু সহায়ৰ বাবে সি নিষ্ঠাৰে কাম কৰিছিল পৰিচালকৰ নিৰ্দেশত। সেই ধন বাহাদুৰে নিয়তিৰ ওচৰত হাৰ মানি দেওবাৰে বিহাইগাঁৱত মৃত্যুক সাৱটিলে।

দৰঙৰ বিহাইগাঁও নিবাসী চাহাবুদ্দিন আলীৰ পোহনীয়া হাতীটোৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে তিনিমাহ পূৰ্বে হাতীটোৰ গাত পানীব্ৰৰ্জ পৰিছিল । ফলত অসুস্থ হৈ পৰিছিল অতি শান্ত প্ৰকৃতিৰ হাতীটো। যথেষ্ঠ চিকিৎসা কৰিও সুস্থ কৰিব নোৱাৰিলে হাতীটোক ৷ নিয়তিৰ ওচৰত হাৰ মানে ধন বাহাদুৰে ৷

Leave A Reply

Your email address will not be published.