“ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩” প্ৰাপ্ত অসমৰ সুসন্তান কুমুদ কলিতাক নতুন দিল্লীত উষ্ম অভিনন্দন জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰপৰা ‘ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩’ লাভ কৰা মানৱদৰদী কুমুদ কলিতাক নতুন দিল্লীত লগ পাই উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সোণোৱালে উল্লেখ কৰে, “নিৰলস প্ৰচেষ্টা আৰু নীৰৱ সাধনাৰে সমাজত পোহৰ বিলোৱা এগৰাকী প্ৰথিতযশা ব্যক্তি হৈছে বজালী অঞ্চলৰ শ্ৰী কুমুদ কলিতা ডাঙৰীয়া।

শিক্ষাদানৰ দৰে মহৎ বৃত্তিৰ সৈতে জড়িত থকা কলিতা ডাঙৰীয়াই কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে দিব্যাংগ তথা অনাথ শিশুসকলক আশ্ৰয় প্ৰদান কৰি নতুন জীৱনৰ সন্ধান দিছে। দিব্যাংগ ল’ৰা-ছোৱালী তথা অনাথ শিশুৰ প্ৰতিপালন আৰু উৎকৰ্ষ সাধনৰ বাবে বিশিষ্ট সমাজসেৱক,

শিক্ষক শ্ৰী কুমুদ কলিতা ডাঙৰীয়াই পাঠশালাত গঢ় দিয়া ‘তপোবন’ শীৰ্ষক শিশু-গৃহ তথা বিদ্যালয় যথাৰ্থতে পৱিত্ৰ মন্দিৰস্বৰূপ। শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ সুনিশ্চিতকৰণেৰে তেখেতে আগবঢ়াই অহা অৱদান অত্যন্ত প্ৰশংসনীয়। নিঃস্বাৰ্থ মৰম আৰু অদম্য মনোবলেৰে মানৱপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰা কলিতা ডাঙৰীয়াই যাতে অনাগত দিনতো ন উদ্যমেৰে কাম কৰি যাব পাৰে, তাৰেই আশাৰে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।”

Related Articles