Breaking

যোগীঘোপাত পচাৰুদ্দিন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি সম্পন্ন…

0 88

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাই পচাৰুদ্দিন সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে । আজিৰে পৰা পৰা চলন্তপাৰা উঃ মাঃ বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগা প্রতিযোগিতাখনিত হাটৰকী ক্লাব (কোকৰাঝাৰ), ইউনাইটেড এফ চি (বঙাইগাঁও), শালবাগান গোঁসাইগাঁও এফ চি, পায়নিৰ ক্লাব বিৰেন গাওঁ (চিৰাং), চ’ইবাৰী টি ইষ্টেট, হাদলাপাৰা গোৱালপাৰা, থাবালাপাৰা ৰিয়েল জুনিয়ৰ এফ চি(দুধনৈ), মর্নিং ইষ্টাৰ ফকিৰাগ্ৰাম, চিকামা ক্লাব হাগ্ৰামা ব্রীজ (মানিকপুৰ), কুৰুৱা ভাছা কৃশান জ্যোতি সংঘ ক্লাব (গোৱালপাৰা), বকো এচ চি (কামপুৰ), বাইদা এফ চি (ৰংচাই), ফ্ৰন্টিয়াৰ এফ চি টীম পল্টনবজাৰ ( গুৱাহাটী) আৰু ছাই ইস্পছ ক্লাব (কোকৰাঝাৰ) ফুটবল দলে অংশগ্রহণ কৰিব বুলি সন্থাৰ সাধাৰণ সম্পাদক মুস্তাক আলমে জানিবলৈ দিছে।

লগতে প্রতিযোগিতাখনিত সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।

Leave A Reply

Your email address will not be published.