Breaking

জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে দিল্লীলৈ আহি আছে চৌদি আৰৱৰ ৰজা মহম্মদ বিন ছলমান। বিশ্বৰ আটাইতকৈ দামী ঘৰত থাকে ছলমান…

0 63

জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে দিল্লীলৈ আহি আছে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমান। ভাৰতত অনুষ্ঠিত হৈ থকা জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ বিশ্বৰ শীৰ্ষ নেতাসকল নতুন দিল্লীলৈ আহিছে। ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানো আহি আছে দিল্লীলৈ। তেওঁৰ বিলাসী জীৱনশৈলীৰ বাবে প্ৰায়ে শিৰোনামত থাকে। বিশ্বই জানে যে মহম্মদ বিন ছলমান অপৰিসীম ধন-সম্পত্তি, বিলাসী বাহন, বিলাসী ৰাজপ্ৰসাদ আৰু ৰাজজাহাজৰ মালিক। জি-২০ সন্মিলনৰ সময়ত চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানক নতুন দিল্লীৰ হায়াট ৰিজেন্সিত থকাৰ ব্যৱস্থা কৰা হৈছে। ছৌদি আৰৱৰ প্ৰতিনিধি দলো তেওঁৰ লগত থাকিব।

আজি আমি আপোনালোকক ক’ব বিচাৰিছো ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানৰ ফ্ৰান্স ভ্ৰমণৰ এটা কাহিনী, যেতিয়া তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক লগ কৰিবলৈ গৈছিল। এই সময়ছোৱাত তেওঁ পৃথিৱীৰ আটাইতকৈ দামী ঘৰটোত থাকিছিল। এই ঘৰটো মহম্মদ বিন ছলমানৰ বুলি ওলাইছিল। খবৰ অনুসৰি মহম্মদ বিন ছলমানৰ এই ঘৰটো ভাৰ্চাইল পেলেচৰ আড়ম্বৰপূৰ্ণ বিলাসীতাক অনুকৰণ কৰি নিৰ্মাণ কৰা হৈছিল। ভাৰ্চাইল প্ৰাসাদ ফ্ৰান্সৰ ৰাজপৰিয়ালৰ আনুষ্ঠানিক বাসগৃহ আছিল, যিটো এতিয়া সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে। পেৰিছত অৱস্থিত এই ঘৰটো ২০১৫ চনত ছৌদি ৰাজকুমাৰ মহম্মদ বিন ছালমানে ক্ৰয় কৰিছিল। এনে পৰিস্থিতিত ফ্ৰান্স ভ্ৰমণৰ সময়ত তেওঁৰ এই ঘৰত থকাটো আলোচনাৰ বিষয় হৈ পৰিছিল। ফ্ৰান্সৰ বিষয়াসকলৰ অনুসৰি যেতিয়া মহম্মদ বিন ছালমানে বিশ্বৰ আটাইতকৈ দামী ঘৰটোত থাকিছিল তেতিয়া অট্টালিকাৰ সীমাৰ বাহিৰৰ গেটত চুট বুট পিন্ধা বহু সংখ্যক নিৰাপত্তাৰক্ষী উপস্থিত আছিল।

৭ হাজাৰ বৰ্গমিটাৰত বিস্তৃত এই সম্পত্তিৰ মালিকৰ বিষয়ে কোনেও একো নাজানিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৫ চনত এজন অজ্ঞাত ক্ৰেতাই ইয়াক ২৭৫ মিলিয়ন ইউৰো (সেই সময়ত ৩০ কোটি ডলাৰ)ত ক্ৰয় কৰিছিল। তেতিয়া ফৰ্চুন আলোচনীয়ে ইয়াক পৃথিৱীৰ আটাইতকৈ দামী ঘৰ বুলি অভিহিত কৰিছিল। কিন্তু দুবছৰৰ পাছত দ্য নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰে যে ইয়াৰ মালিক ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান।


Leave A Reply

Your email address will not be published.