Breaking

জামুগুৰিত গুণগত শিক্ষাৰ ওপৰত ডাইট ধেমাজিৰ কৰ্মশালা আৰু ” শিশুৰ শিক্ষাৰ অধিকাৰ”  শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন…

0 57

ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠানৰ (ডাইট) উদ্যোগত ১৪ চেপ্টেম্বৰত ‘লে’ব এৰিয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি  আৰু সদস্য সকলৰ বাবে ” গুণগত শিক্ষা” ৰ সম্পৰ্কত এদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈ যায়। প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হৰিনাথ বৰাই বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰা কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে জ্যেষ্ঠ প্ৰবক্তা মায়াৰাণী পাৱে,দুলেন চন্দ্ৰ গোহাঁই,ভূৱনেশ্বৰ ইংতি আৰু সমন্বয়ক হিচাপে কৰ্মশালাখন পৰিচালনা কৰে প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাসে।

মুঠ ১৪ খন বিদ্যালয়ৰ ৫০ জন সদস্যই অংশ গ্ৰহন কৰা কৰ্মশালা খনত নতুন শিক্ষানীতি,গুণগত শিক্ষা,গুণ উৎসৱৰ ফলাফল আদি দিশৰ ওপৰত বিভিন্ন ক্ৰিয়া কলাপৰ মাজেদি বিস্তৃত ভাৱে আলোচনা কৰা হয়। অধ্যক্ষ হৰিনাথ বৰাই লে’ব এৰিয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে প্ৰকৃতাৰ্থত গুণগত শিক্ষা লাভ কৰিব পাৰে তেনে অনুকুল পৰিবেশ নিৰ্মাণ কৰাত  গুৰুত্ব দিবলৈ উপস্থিত সকলোকে আহ্বান জনায়। লে’ব এৰিয়া বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে জামুগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিলা কীৰ্তি শিক্ষক হিচাপে বটা প্ৰাপ্ত দীপ কোঁচক সভাপতি আৰু বিনোদ বৰাক সম্পাদক হিচাপে লৈ এখনি ” লে’ব এৰিয়া বিদ্যালয় শৈক্ষিক সমন্বয় ৰক্ষী” সমিতি গঠন কৰা হয়। ডায়েটৰ উদ্যোগতে পৰহি ধেমাজি ৰাই চাপৰি টঙনাপৰা মিচিং প্ৰাথমিক বিদ্যাল়য়ত অনুষ্ঠিত কৰা হয় এক অনন্য অনুষ্ঠান।

প্ৰতিষ্ঠানৰ ডি এল এড চতুৰ্থ ষান্মাষিকৰ শিক্ষাৰ্থী সকলে মঞ্চস্থ কৰে ” শিশুৰ শিক্ষাৰ অধিকাৰ ” শীৰ্ষক এক বাটৰ নাট। গ্ৰামাঞ্চলত শিশু শ্ৰমিক সমস্যা আৰু শিশু সকলৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে মঞ্চস্থ কৰে এই কাৰ্য্যসূচী। শিক্ষাৰ্থী সকলে সকলোৰে বোধগম্য হোৱাকৈ সহজ সৰল ভাষাত আৰু নিখুঁত অভিনয়ৰ জৰিয়তে পৰিৱেশন কৰা বাটৰ নাটখনে উপস্থিত দৰ্শকৰ মন‌ মুহিবলৈ সক্ষম হয়। ইয়াৰ পিছতে আৰম্ভ হয় সজাগতা সভা। অনুষ্ঠানত উপস্থিত থকা কেইবাজনো শিক্ষক,শিক্ষাৰ্থী আৰু অভিভাৱকে শিশু শ্ৰমিক নিয়োগৰ ফলত কিদৰে অধিকৰ খৰ্ব কৰা হৈ আহিছে আৰু শিশু শ্ৰমিক সকলে ভবিষ্যতে কেনেদৰে তিমিৰাছন্ন হৈ পৰে সেই বিষয়ে বিতংকৈ বক্তব্য দাঙি ধৰে। প্ৰশিক্ষন প্ৰতিষ্ঠানৰ প্ৰবক্তা জ্যোতিষ নৰহৰ পৰ্যবেক্ষনত অনুষ্ঠিত কাৰ্য্যসূচীত প্ৰশিক্ষাৰ্থী নীলাক্ষী বৰুৱা,শিল্পী গগৈ,নিলাঞ্জনা শইকীয়া,হৃদয় সাগৰ দিহিঙ্গীয়া,কবিৰাজ নৰহে অভিনয় কৰে।  অভিভাৱক ৰাইজৰ হৈ ৰেণু পাদুন,অণিমা কাপ্তাক,য়াকচি য়েইন আদি কেইবাজনেও বক্তব্য প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.