চিমেন চাপৰিত এবছুৰ কাৰ্য্যালয়ত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মিতবডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন…

চিমেন চাপৰিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিত্তীয় বৰ্ষৰ দহ লাখ টকা পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি আজি উন্মোচন কৰা হয়। নিখিল বড়ো ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ মুখ্য কাৰ্য্যালয় চৌহদত নিৰ্মিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই।

বড়ো জাতিৰ পিতৃখ্যাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষনত পৰমানন্দ চায়েঙ্গীয়াই কয় বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম কেৱল বড়ো সকলৰ বুলি নহয় অসমৰ সকলো জাতি-জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ বাবে চলোৱা সংগ্ৰামৰ প্ৰেৰণা স্বৰূপ বুলি উল্লেখ কৰি একালত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সৈতে সংগ্ৰামৰ পথাৰত গঢ় লৈ উঠা ঘনিষ্ঠততাৰ স্মৃতি ৰোমন্থন কৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ চিন্তা-চেতনা, আদৰ্শ আৰু ভৱিষ্যত দিক্ দৰ্শনবোৰ সাম্প্ৰতিক সময়ত সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ লক্ষ্যত প্ৰতিফলন ঘটিছে বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়।

ধেমাজি জিলা এবছুৰ সাধাৰণ সম্পাদক উদাং বি বডোছাই আঁতধৰা উদ্ধোধনী অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাং,মলেন্দ্ৰ নাৰ্জাৰী,ভৱানী দুৱৰা, সাধাৰণ সদস্য ববীকান্ত পেগু, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু,সদস্যা সোভাৰাণী বসুমতাৰী, ধেমাজি জিলা এবছুৰ সভাপতি টেনজিং বড়ো,উপদেষ্টা লখেন বসুমতাৰী, সতীশ বসুমতাৰী বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়ো,অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী,সংযুক্ত বড়ো গণ মঞ্চৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী,চিমেন চাপৰি অহৌম বৌঢ়ায় বাথৌ ইংলিছ স্কুলৰ অধ্যক্ষ বিদ্দেশ্বৰ দৈমাৰী, চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰী প্ৰমুখ্যে এবছুৰ ধেমাজি জিলা আৰু চিমেন আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।


শম্ভু দাস চিলাপথাৰ
ধেমাজি অসম

Related Articles