Breaking

তামুলপুৰক পুনৰ জিলা ঘোষণাৰ সভাত ইউ জি ব্ৰহ্ম…

0 71

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰক পুনৰ জিলা হিচাপে ঘোষণা কৰাৰ পিছত আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিক ভাৱে জিলা ঘোষণাৰ এক শুভ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি আজি অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই উপস্থিত হৈ তামুলপুৰ জিলাৰ আনুষ্ঠানিকতাৰ কথা ব্যক্ত কৰি জিলা খনক আগুৱাই নিয়াৰ বাবে সকলো ৰাইজৰ সঁহাৰি বিচাৰে। মুখ্যমন্ত্ৰীৰ সু দৃষ্টিত তামুলপুৰ জিলাত এতিয়া উন্নয়ৰ ঢল বব বুলি কয় যে তামুলপুৰ জিলাৰ অভিভাৱৰ মন্ত্ৰী হিচাপে তামুলপুৰক এখন প্ৰগতিশীল জিলা হিচাপে গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা গ্ৰহনৰ ঘোষণা মন্ত্ৰী ব্ৰহ্মৰ। নতুন জিলাৰ আয়ুক্ত হিচাবে পুনৰ যোগদান কৰিব বিদ্যুৎ বিকাশ ভাগৱতীয়ে।

অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীসহ BTR ৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য, পাৰিষদৰ লগতে বহু দল সংগঠন,জ্যেষ্ঠ নাগৰিক মঞ্চ আৰু ৰাইজ অংশগ্ৰহণ কৰে। আৰম্ভণি অনুষ্ঠানৰ পূৰ্বে আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী তথা স্থানীয় বিধায়ক,আৰক্ষী অধীক্ষকৰ সৈতে অমৃত বৃক্ষৰ গছপুলি ৰোপন কৰিলে অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই।

Leave A Reply

Your email address will not be published.