Breaking

কাছাৰৰ কাটিগড়াত নিশা চাঞ্চল্যকৰ ঘটনা ! চলন্ত অটোৰ পৰা দুৰ্বৃত্তই পেলাই দিলে নাবালিকাক…

0 48

কাছাৰৰ কাটিগড়াত নিশা চাঞ্চল্যকৰ ঘটনা। চলন্ত অটোৰ পৰা দুৰ্বৃত্তই পেলাই দিলে নাবালিকাক। আহত নাবালিকাক উদ্ধাৰ কৰি কাটিগড়া মডেল হাস্পতালত ভৰ্তি।

কাটিগড়াৰ গোবিন্দপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। নাবালিকাক পেলাই তাৰিণীপুৰ অভিমুখে গুচি যায় অটোখন। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

জনৈক ৰাজদীপ নামৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ নাবালিকাগৰাকীৰ। ৰাজদীপৰ সৈতে আন এজন যুৱকো আছিল অটোখনত। ২ দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

Leave A Reply

Your email address will not be published.