চিকিৎসা বিজ্ঞানক লোকসমাজৰ হিতাৰ্থে বহুকেইটি নামকৰণেৰে বৰ্ণিত কৰা হৈছে- ঔষধ, ভেষজ, সাধন, হিত, প্ৰায়শ্চিত, পথ্য, ব্যাধিহৰ ইত্যাদি। কিন্তু প্ৰত্যেকৰে অন্তৰ্নিহিত অৰ্থ ভিন্ন, অৰ্থাৎ ৰোগ বা ৰোগীৰ শাৰীৰিক তথা মানসিক বল অনুযায়ী চিকিৎসাৰ সূত্ৰজ্ঞান ভিন্ন হয়। বিজ্ঞান(বিশেষ জ্ঞান)ৰ প্ৰতিটো উচ্চখাপৰ খোজৰে মূলত আছে দৰ্শনৰ জ্ঞান। দৰ্শন(Philosophy)ৰ সূত্ৰসমূহক প্ৰমাণ সহকাৰে উত্থাপন কৰাই হৈছে বিজ্ঞান।
আয়ুৰ্বিজ্ঞান শাস্ত্ৰত চিকিৎসা ব্যৱস্থাপনাৰ এটি গুৰুত্বপূৰ্ণ বিভাজন হ’ল- ‘দৈৱ’ আৰু ‘যুক্তি আশ্ৰয়’ চিকিৎসা। ‘যুক্তি’ চিকিৎসা ব্যৱস্থাই আহাৰ তথা ঔষধৰ গুৰুত্ব প্ৰদান কৰিছে। কিন্তু ‘দৈৱ’ চিকিৎসাত অন্তৰ্ভুক্ত আছে ঔষধৰ উপৰি মন্ত্ৰ, উপবাস, নিয়মন, মণিধাৰণ ইত্যাদি। উপবাস আৰু লংঘন শব্দ দুটিয়ে একে অৰ্থ বহন কৰে বুলি জনা যায় যদিও লংঘনক বিভিন্ন প্ৰকাৰে বিভক্ত কৰা হয়।
উপবাস বা লঘোনৰ উপকাৰিতাসমূহ –
- ইয়ে অনাৱশ্যকীয় চৰ্বি শোষণ হোৱাত সহায় কৰে তথা ঘামৰ সৃষ্টি কৰায়।
- ইনছুলিনৰ সক্ৰিয়তা(Sensitivity) বঢ়ায়, যিয়ে গ্লুক’জ ট’লাৰেন্স সঠিত কৰায় আৰু প্লাজমা গ্লুক’জ কমায়।
- চৰ্বি, প্ৰ’টিনৰ জীৰ্ণাৱস্থাত হ’ব লগা অ’ক্সিডেটিভ ডেমেজ কমায়।
- ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় তথা শৰীৰৰ বিভিন্ন চাপ(metabolic stress, heat stress) নিম্ন হৈ থকাত সহায় কৰে।
লেখিকা: ডাঃ ৰীমা ভট্টাচাৰ্য