Breaking

শিক্ষিত নিবনুৱালৈ চৰকাৰৰ ২ লাখ। তিনি বছৰত ১ লাখ নিযুক্তি…

0 125

শিক্ষিত নিবনুৱালৈ চৰকাৰৰ ২ লাখ। তিনি বছৰত ১ লাখ নিযুক্তি। ঋনৰ সলনি দিব অনুদান, অসমত ১০ লাখ নিবনুৱা। পুনৰ ১ লাখ শিক্ষিত নিবনুৱাক চৰকাৰে নিযুক্তি দিব। ছত্তিশগড়ত এই ঘোষনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰ কৰি এক ৰাজহুৱা সভাত এই বিষয়ে ঘোষনা কৰি ডঃ শৰ্মাই কয় যে ইতিমধ্যেই পূৰ্বৰ প্ৰতিশ্ৰুতি মৰ্মে ৯০ হাজাৰ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰা বুলি উল্লেখ কৰে। আনহাতে নিবনুৱা যুবক যুবতীক আত্মসংস্হাপনৰ বাবে চৰকাৰে ২ লাখকৈ অনুদান আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰি ২৩ ছেপ্টেম্বৰত এই বিষয়ে সবিশেষ প্ৰকাশ কৰাৰ বিষয়েও সদৰি কৰে।

ডঃ শৰ্মাই বৰ্তমান অসমত ১০ লাখ নিবনুৱা আছে বুলি উল্লেখ কৰি কয় যে ভূপেশ বাঘেলাই অসমত নিৰ্বাচনী প্ৰচাৰ চলাই ১ লাখ নিযুক্তি অসম্ভৱ বুলি কৈছিল। কিন্তু অসম চৰকাৰে এইয়া সম্ভব কৰি দেখুৱাইলে বুলি বাঘেলাক তীব্ৰ সমালোচনা কৰে। উল্লেখ্য যে বিগত প্ৰায় এটা সপ্তাহ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ বাহিৰত আছে। তেওঁ ছত্তিশগড়ত নিৰ্বাচনী প্ৰচাৰৰ লগতে ঐতিহাসিক নালন্দা বিশ্ববিদ্যালয়ো দৰ্শন কৰে।

Leave A Reply

Your email address will not be published.