ৰঙ বিৰঙী বিবিধ ফুলৰ পৰা ৰেণু কঢ়িয়াই আনি মৌ মাখিয়ে অশেষ কষ্টেৰে এই অমৃৎস্বৰূপ ‘মৌ’ বা ‘মধু’ তৈয়াৰ কৰে। সোৱাদত মিঠা এই মৌৰ বহুতো চমৎকাৰী গুণ আছে।
প্ৰিয়জনৰ মুখৰ মিঠা মাতষাৰক ‘মৌ সনা মিঠা মাত’ বুলি ৰিজনী দি কোৱা কথাষাৰেই ইয়াৰ গুৰুত্ব সুন্দৰকৈ বুজাই দিয়ে।
‘মৌ’ শব্দটো ইমানেই মিঠা যে বিদেশত প্ৰিয়জনক মৰমেৰে ‘Honey’ বুলি মতা হয়।
অতীতৰে পৰা শিশুক মৌ চেলেকাই দিয়া পৰম্পৰা চলি আহিছে। কান্দি থকা শিশুৰ জিভাত মাত্ৰ অকনমান মৌ চেলেকাই দিলে তৎক্ষণাত কান্দোন বন্ধ হৈ যায়।
কেঁচুৱাৰ জিভা চাফা কৰোতেও মৌ ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ গৰ্ভৱতী স্ত্ৰীক পঞ্চামৃত খুৱাওঁতেও মৌ ব্যৱহাৰ কৰা হয়।
প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত মধু বা মৌৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি মাক্ষিকা, ভ্ৰামৰ আদি কেইবাপ্ৰকাৰৰ মধু আছে।
প্ৰত্যেকবিধ মৌৰ গুণাগুণ বেলেগ আৰু ভিন ভিন চিকিৎসাত ব্যৱহৃত হৈছিল।
মৌৱে ত্ৰিদোষ (বাত, পিত্ত, কফ) সাম্য অৱস্থাত ৰাখে। বহু আয়ুৰ্বেদিক ঔষধৰ লগত মৌক অনুপান (as an adjuvent) হিচাবে খাবলৈ দিয়া হয়।
ই ঔষধৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।