শৰীৰৰ বাবে নিমখৰ গুৰুত্ব-
- নিমখৰ দ্বাৰা শৰীৰৰ আয়োন্তিক বেলেন্স আৰু পানীভাগৰ ভাৰসামা ঠিকে থাকে।
- ৰক্তচাপ নিয়ন্ত্রণ কৰে। হার্ট, লিভাৰ, কিড্নী, আড্রিনেল গ্লেণ্ডৰ ওপৰত নিমখৰ প্ৰভাৱ থাকে।
- খুব কম বা খুব বেছি নিমখে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। যেনে মূৰ ঘূৰোৱা, মাছল ক্ৰেম্প, ইলেকট্রোলাইট ডিষ্টাৰ্বেন্স যাৰ বাবে নিউৰ’ল’জিকেল সমস্যা হ’ব পাৰে।
বেছি খোৱাৰ অপকাৰ-
- হাই ব্লাড প্রেছাৰ আশংকা থাকে।
- হাইপাৰটেনছনৰ সমস্যা হয়।
- হার্টৰ ৰোগ, ষ্ট্ৰ’কৰ সম্ভাৱনা তিনিগুণ বাঢ়ি যায়।
- কিডনীত ছাপ বাঢ়ে আৰু “ৰেনাল ডিজিজ’ হোৱাৰ সম্ভাৱনা
- ব্রেইন ডেমেজৰ আশংকা থাকে।
- বেছি নিমখ খালে মিঠা খোৱাৰ প্রৱণতা বাঢ়ে। ফলত ওবেচিটী অর্থাৎ শকত হৈ পৰা দেখা যায়।
এনেবিলাক সমস্যাৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ অতিৰিক্ত নিমখ খুওৱাৰ ক্ষেত্ৰত প্ৰথমৰে পৰা সচেতন হোৱা উচিত।