গোলাঘাটৰ “চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ”ৰ সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী অতুল বৰাই…

সুদীৰ্ঘ দিন ৰাজ্য শাসন কৰা চুতীয়া জনগোষ্ঠীটোৰ ঐতিহ্য, গৰিমা অসম বুৰঞ্জীৰ পাতত সগৌৰৱেৰে জিলিকি আছে। চহকী সংস্কৃতিৰে পূৰ্ণ জনগোষ্ঠীটোৱে অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান অনস্বীকাৰ্য।

চুতীয়া জাতি যুৱ সন্মিলন, অসমৰ উদ্যোগত, চুতীয়া উন্নয়ন পৰিষদ আৰু গোলাঘাটবাসীৰ আতিথ্যত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজিত “চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ”ৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি আনন্দিত মন্ত্ৰী অতুল বৰা । এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে প্ৰদৰ্শন কৰা জনগোষ্ঠীয় বিভিন্ন সাংস্কৃতিক প্ৰতীকপটৰ উপস্থাপনে অত্যন্ত আকৰ্ষিত কৰিলে।

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ সকলো থলুৱা জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এইছেগতে চুতীয়া জাতি যুৱ সন্মিলনৰ লগতে জনগোষ্ঠীটোৰ অন্যান্য সংগঠনসমূহে জনগোষ্ঠীটো তথা অসমৰ জাতীয় জীৱনৰ সৰ্বাঙ্গীণ উত্তৰণ বাবে লৈ অহা পদক্ষেপৰ শলাগ লয়।

“চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ”ৰ সকলো কাৰ্যসূচীৰ সফল সামৰণি কামনাৰে উদ্যোক্তা চুতীয়া জাতি যুৱ সন্মিলনৰ প্ৰতিগৰাকী বিষয়ববীয়া তথা সদস্যলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে মন্ত্ৰী অতুল বৰাই ।

Related Articles