Breaking

বকোৰ কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

0 46

বকোৰ কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱস উদযাপন::

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত কালাতলী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ‘কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অইন বছৰৰ দৰে এইবেলিও দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিদ্যালয়ৰ ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি’ চমুকৈ এন এচ এচ গোটৰ প্ৰতিষ্ঠা দিৱস ৷ এই উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ শৈক্ষিক তত্ত্বাৱধায়ক ওমৰ আলী আহমেদে ৷ পিছত ছাত্ৰ- ছাত্ৰীৰ মাজত চাফাই অভিযান, বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয় অৱসৰপ্ৰাপ্ত ৰাজ্যিক বঁটাপ্ৰাপক শিক্ষক বৃক্ষ বন্ধু কোৰবান আলী আহমেদে ৷

দুপৰীয়া কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শৈক্ষিক তত্ত্বাৱধায়ক ওমৰ আলী আহমেদৰ পৌৰহিত্যত অনুষ্ঠিত হয় মুকলি সভা ৷ বিদ্যালয়ৰ এন এচ এচ গোটৰ সহকাৰী দায়িত্ববাহী শিক্ষক ৰবিউল হুছেইনে উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাখনত বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সমিতিৰ সভাপতি আমিন ময়নুল হকে মুখ্য অতিথি হিচাবে উপস্থিত থাকি ১৯৬৯ চনৰ ২৪ ছেপ্টেম্বৰত সেই সময়ৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী বি কে আৰ বি ৰাওৰ নেতৃত্বত জন্ম লাভ কৰা ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এচ এচ গোটৰ জৰিয়তে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ- ছাত্ৰী সকলে সুস্থ্য- সৱল সমাজ গঠনত গ্ৰহণ কৰি অহা ভূমিকাৰ ওপৰত বিস্তৃত আলোকপাত কৰে ৷

মুকলি অনুষ্ঠানটোত ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কিচমত কাঠমী সমল কেন্দ্ৰৰ সমন্বয়ক আব্দুৰ ৰৌফ হুছেইন, বিদ্যালয়ৰ এন এচ এচ গোটৰ তত্বাৱধায়ক শিক্ষক তথা আঁচনি বিষয়া শিক্ষক হেকিম,শিক্ষক মইদুল ইচলাম,জামাল উদ্দিন আহমেদ,খলিলুৰ ৰহমান, মফিদা আহমেদ, বিদ্যালয়ৰ জেষ্ঠ দাতা সদস্য আৰদশ আলী আহমেদ প্ৰমূখ্যে কেবাগৰাকী শিক্ষক কৰ্মচাৰী উপস্থিত থাকি মূল্যৱান বক্তব্য আগবঢ়ায় ৷ মুকলি অনুষ্ঠানৰ মাজতে প্ৰতিষ্ঠা দিৱসৰ কেক কাটি বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সমিতিৰ সভাপতি আমিন ময়নুল হকে ৷ উল্লেখ্য, প্ৰতিষ্ঠা দিৱসৰ মুকলি অনুষ্ঠানৰ মাজতে বিদ্যালয়ৰ এন এচ এচ গোটৰ ছাত্ৰ – ছাত্ৰী সকলে বিভিন্ন ধৰণ গীত- মাত- নৃত্য আদি পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ৷

Leave A Reply

Your email address will not be published.