সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ

গুৱাহাটীৰ আমবাৰী স্থিত প্ৰেছ ক্লাবত বুধবাৰে দিনৰ ১১বজাত লেখিকা সংস্থা, অসমৰ উদ্যোগত সংস্থাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বৰ্তমানৰ উপ-সভাপতিৰ পদত অধিষ্ঠিত প্ৰয়াত নিৰু শৰ্মা পৰাজুলীৰ অকাল মৃত্যুত মাহেকীয়া তিথিত সৰ্ব ধৰ্ম প্ৰাৰ্থনাৰে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলনেৰে প্ৰয়াত নিৰুৰ প্ৰতিচ্ছবিত শ্ৰদ্বাজ্ঞলী জ্ঞাপন কৰে লেখিকা সংস্থা,অসমৰ বৰ্তমানৰ সভাপতি মৃদুলা শৰ্মাই। সংস্থাৰ প্ৰধান সম্পাদক বিজয়া দেৱদাসে আতধৰা অনুষ্ঠানটিত আৰম্ভণিতে এটি সমবেত প্ৰাৰ্থনাৰে নিৰুৰ আত্মাৰ শান্তি কামনা কৰা হয়।

সব্বধম্মীয় প্ৰাৰ্থনা আৰম্ভ কৰা হয় এটি ইছলাম ধৰ্মীয় প্ৰাৰ্থনা আৰু জিকিৰেৰে। ইয়াৰ পিছত সংস্থাৰ মুখ্য উপদেষ্টা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে নিৰুৰ স্মৃতি চাৰণ কৰে। অনুষ্ঠানত খ্ৰীষ্টান ধৰ্মীয় কেৰল পৰিৱেশন কৰে থেংচিলচী মমিনে।

নেপালী ভাষাৰ প্ৰাৰ্থনা পৰিৱেশন কৰে চম্পা উপাধ্যায় আৰু সহযোগী সকলে, শিখ ধৰ্মীয় প্ৰাৰ্থনা পৰিৱেশন কৰে হৰকিৰত হিৰে আৰু আনটো সুতপা চক্ৰৱৰ্তীয়ে, ভজন পৰিবেশন কৰে ক্ৰমান্বয়ে নয়নতৰা দত্ত আৰু জুৰি বৰুৱাই, দেহবিচাৰক গীত পৰিৱেশন কৰে অনিন্দিতা চৌধুৰীয়ে, এটি ঘোষা পৰিৱেশন কৰে ত্ৰিবেণী মজুমদাৰে আৰু নামঘোষাৰ শ্লোক পৰিবেশন কৰে পাৰুল বৰুৱাই,পূৱ গুৱাহাটী শাখা লেখিকা সংস্থাৰ সদস্যাবৃন্দই কীৰ্ত্তনৰ ঘোষা পৰিৱেশন কৰে।

অনুষ্ঠান টিত বক্তব্য আগবঢ়াই ক্ৰমে সভাপতি মৃদুলা শৰ্মা, কবি সাহিত্যিক মীৰা ঠাকুৰ, সাংবাদিক ৰিপুঞ্জয় গগৈ, শিশু সাহিত্যিক যুগল লোচন দাসে।

অনুষ্ঠানত দুখন গ্ৰন্থ যথাক্ৰমে এখন নিৰুশম্মা পৰাজুলীৰ মৃত্যুত শোক বাৰ্তা সন্নিৱিষ্ট “”শ্ৰদ্ধাঘ্য” শীৰ্ষক আৰু আনখন নিৰুশম্মা পৰাজুলীৰ শিশু গল্প সংকলন “শুভ বুদ্বিৰ উদয়” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে সংস্থাৰ বিশিষ্ট ব্যক্তিসকলে।

অনুষ্ঠানত পদ্মশ্ৰী এলি আহমেদ, ড:সুচিত্ৰা কাকতি, বন্দিতা ফুকন, ড: নমিতা ডেকা, যোগব্ৰতা দত্তকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে নিৰু শৰ্মা পৰাজুলীৰ পৰিয়াল বৰ্গ উপস্থিত থাকে।

Related Articles