৫৯.১৫ শতাংশ ভোটদানেৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র একতা সভাৰ নিৰ্বাচন সম্পন্ন; ১৫ পদৰ বিপৰীতে ৩২ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ আগন্তুক বৰ্ষৰ সাধাৰণ নিৰ্বাচন বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। বিগত কিছুদিন ধৰি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ চৌহদ নিৰ্বাচনী বতাহে চুই যোৱাৰ অন্তত বৃহস্পতিবাৰে এক শান্তিপূৰ্ণ আৰু উচাহমুখৰ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত হয়। পুৱাৰে পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰতিদ্বন্দী প্ৰাৰ্থী সকলৰ মাজত পৰিলক্ষিত হয় ব্যাপক তৎপৰতা। উল্লেখনীয় যে এইবাৰ অনুষ্ঠিত স্নাতকোত্তৰ ছাত্র একতা সভাৰ ২০২৩-‘২৪ বর্ষৰ নিৰ্বাচনত এইবেলি ১৫ টা পদৰ বিপৰীতে ৩২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে।

স্নাতকোত্তৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ সভাপতি পদত জিন্টু দাস আৰু নীহাৰ ৰঞ্জন ভূঞা , উপ-সভাপতি পদত আৰিফ হুছেইন মীৰ আৰু ঋটজ ঠাকুৰ, সাধাৰণ সম্পাদক পদত দীপ দৰ্শন কলিতা আৰু হিমানজিৎ ডেকা ,
সহকাৰী সাধাৰণ সম্পাদক পদত নিহাৰিকা দেৱী, ৰাইচুময় ব্ৰহ্ম আৰু উজ্জ্বল পল , সাহিত্য বিভাগৰ সম্পাদক পদত নৱকান্ত বৰুৱা আৰু সুদেমা বৰগয়াৰী , সংগীত বিভাগৰ সম্পাদক পদত দক্ষিণা শৰ্মা আৰু ঋষভজ্যোতি কাথাৰ , সাংস্কৃতিক সম্পাদক পদত লক্ষ্য জিৎ শইকীয়া আৰু স্পেইনী বৰ্মণ , তৰ্ক আৰু আলোচনাচক্ৰ বিভাগৰ সম্পাদক পদত বৰষা বৰগোঁহাই আৰু শ্বেশাৱন্ত প্ৰয়াগ বৰুৱা , গুৰু ক্ৰীড়া বিভাগৰ সম্পাদক পদত হিমাক্ষী ৰাভা আৰু স্বদেশা বড়ো , লঘু ক্ৰীড়া বিভাগৰ সম্পাদক পদত অভিজিৎ কলিতা আৰু পল্লব প্ৰতীম হাজৰিকা , ক্ৰীড়া বিভাগৰ সম্পাদক পদত স্বৰাঙ বসুমতাৰী আৰু ঋষিব নাৰ্জাৰী , ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত বিজিত গোড়া বসুমতাৰী আৰু সুৰজ ফুকন , ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত অংগীতা শইকীয়া ঠেঙাল আৰু উইনী ডেকা , শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত ভাৰ্গব কেওট , কৌস্তভ বকলীয়াল আৰু শিবাশীষ বশিষ্ঠ তথা সমাজসেৱা বিভাগৰ সম্পাদক পদত আব্দুল আজিজ লস্কৰ আৰু দেবাঙ্গনা চক্ৰৱৰ্তীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।


উল্লেখনীয় যে এইবেলি কোনো এগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত নহ’ল। নিৰ্বাচনত মুঠ ৫৯.১৫ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ নিশ্চিত কৰে । সৰ্বমুঠ ভোট আছিল ৪০০০ । ইয়াৰে ২৩৬৬ গৰাকী ভোটাৰ ভোটদান কৰে । শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত ভোট গণনা আৰম্ভ হ’ব আৰু কাইলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে ।

ইপিনে শান্তিপূৰ্ণ ভাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলে আগবঢ়োৱা সকলো ধৰণৰ সহযোগিতাক নিৰ্বাচনী বিষয়া বিকাশ গগৈয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ।

Related Articles