ৰাজস্থানৰ বিধাৱসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইমাহমান বাকী থকাৰ সময়তে বিজেপি আৰু কংগ্ৰেছে লোকসভা নিৰ্বাচন ২০২৪ ৰ ছেমিফাইনেল হিচাপে গণ্য কৰা এই গুৰুত্বপূৰ্ণ নিৰ্বাচনত জয়ী হ’বলৈ ৰণনীতি প্ৰস্তুত কৰিছে। যদিও অমিত শ্বাহ আৰু জে পি নাড্ডাৰ দৰে জ্যেষ্ঠ বিজেপি নেতাসকলে বুধবাৰে নিশা জয়পুৰত ঘণ্টাজোৰা বৈঠক অনুষ্ঠিত কৰিছিল, কংগ্ৰেছে জনসাধাৰণৰ অনুভূতি উপলব্ধি কৰি এটা আভ্যন্তৰীণ জৰীপ চলাইছিল। বাতৰি অনুসৰি কংগ্ৰেছে কেইবাজনো মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়কক নিৰ্বাচনত টিকট নিদিয়াৰ সম্ভাৱনা আছে।
বিশেষ সূত্ৰই দাবী কৰিছে যে কংগ্ৰেছে দলটোৰ আভ্যন্তৰীণ প্ৰতিবেদনত বহু মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়কৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ প্ৰমাণ পাইছে। কংগ্ৰেছৰ সেই প্ৰতিবেদনখ প্ৰস্তুত কৰা হৈছে নিৰ্বাচনী ৰণনীতিবিদ সুনীল কানুগোলুৱে। কানুগোলুৱে কমেও ৫০ খন আসন চিনাক্ত কৰিছে য’ত বৰ্তমানৰ বিধায়ক আৰু মন্ত্ৰীসকলৰ বিৰুদ্ধে জনতা জাগ্ৰত হৈছে।
আনহাতে, বিজেপিয়ে ৰাজস্থানতো দলটোৰ মধ্য প্ৰদেশৰ টিকট বিতৰণৰ ফৰ্মুলা ৰূপায়ন কৰাৰ সম্ভাৱনা আছে। ৰাজস্থান বিধানসভা নিৰ্বাচনত বিজেপিয়ে দুজন কেন্দ্ৰীয় মন্ত্ৰী আৰু কেইবাজনো সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। বিজেপিয়ে ভাবে যে এজন সাংসদে কমেও ৪-৭ খন বিধানসভা আসন প্ৰতিনিধিত্ব কৰে আৰু সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তেওঁলোকৰ পক্ষত বতাহ বলিব পাৰে। যদিও মুখ্যমন্ত্ৰী অশোক গেহলটে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেইবাখনোআঁচনি আৰম্ভ কৰছে, বিজেপিয়ে মহিলাৰ বিৰুদ্ধে অপৰাধ, নিবনুৱা সমস্যা আদিক অস্ত্ৰ কৰিছে। ২০১৮ ৰ বিধানসভা নিৰ্বাচনত ৰাজস্থানত বিজেপি ক্ষমতাৰ পৰা বাহিৰ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দলটোৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যখন ভ্ৰমণ কৰিছে। ইফালে,কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতাই নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰিছে।