‘মোৰ মাটি মোৰ দেশ’ আৰু ‘ভাৰত মাতা কি জয়’ ধ্বনিৰে মুখৰিত কৌপাটিৰ আকাশ-বতাহ

দেশৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে অমৃত কলহ যাত্ৰাৰ মোৰ মাটি মোৰ দেশ আভিযান। ইয়াৰ লগত সংগতি ৰাখি দৰং-ওদালগুৰি জিলাৰ সীমান্তৰ কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰী আৰু কৌপাটি স্নাতক মহাবিদ্যালয়ৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ জাতীয় সংস্কৃতিৰ ৰং বিৰঙৰ পোচাক পৰিধান কৰি কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰীৰ পৰা কৌপাটি বজাৰ হৈ তৃতীয় অসম আৰক্ষী টাস্ক ফৰ্চ ৰ মূখ্য কাৰ্যালয় খজুৱাবিললৈ প্ৰায় চাৰি কিলোমিটাৰ বাট এক দীঘলীয়া শাৰীৰে শোভাযাত্ৰা উলিয়াই।

শোভাযাত্ৰাত মোৰ মাটি মোৰ দেশ,আৰু ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত হয় কৌপাটিৰ আকাশ-বতাহ। শোভাযাত্ৰা কৰি চাৰি কিলোমিটাৰ বাটৰ লগত লাগি থকা প্ৰায় তিনি শতাধিক ঘৰৰ পৰা অলপ অলপকৈ মাটি লগত লৈ যোৱা কলহত ভৰাই লৈ আহে আৰু প্ৰতি ঘৰৰ গৰাকীক বিদ্যালয়ৰ কতৃপক্ষই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিদ্যালয় খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ লুটন চৰকাৰে জনায় যে ‘আমি শোভাযাত্ৰা কৰি যেতিয়াই মানুহৰ ঘৰৰ নঙলা মুখত থিয় হৈছিলো-প্ৰতি জন মানুহেই আবেগিক হৈ পৰিছিল,মুখত ফুটি উঠিছিল দেশ প্ৰেম ভাব। আমাক পূৰ্ণ সহায় সহযোগিতা কৰিছে প্ৰতি জন ব্যক্তিয়ে’।

তেও লগতে কয় যে ‘দেশ খনৰ ৰাজধানী দিল্লীত নতুন কৈ হ’বলগীয়া অমৃত উদ্যানত আমি আমাৰ বিদ্যালয়ৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকে এটা অংশ গ্ৰহণৰ প্ৰচেষ্টা কৰিছোঁ। যাৰ জৰিয়তে অনাগত দিনত আমাৰ মাজত মিলনৰ একতাৰ এনাজৰী আৰু ভাতৃত্ব ভাব বৃদ্ধি হ’ব’।

শোভাযাত্ৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে কে. জে.বি.ডিগ্ৰী কলেজৰ অধ্যক্ষ দ্বীপ জ্যোতি দাস,কে.জে.বি.ইংৰাজী বিভাগৰ অধ্যক্ষ গুৰু তাঁতী, সংস্কৃতি বিভাগৰ শিক্ষক পিংকু মনি বৰা, প্ৰেম চেত্ৰী,গবিন্দ মল্লিক, গোপাল সাহা আদি কৰি বিদ্যালয় খনৰ অৰ্ধশতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Related Articles