Breaking

সাৱধান! এইসকল ৰোগীয়ে খাব নালাগে তিতা কেৰেলা…

0 274

তিতা কেৰেলা এবিধ অতি পুষ্টিকৰ পাচলি, তিতা কেৰেলা খোৱাৰ ফলত স্বাস্থ্যৰ বহু উপকাৰ হ’ব পাৰে। কিন্তু কিছুমান মানুহৰ বাবে ই তিতা কেৰেলা অপকাৰী। আজি আমি আপোনালোকক জনাম তিতা কেৰেলা কোন সকল লোকে খাব নালাগে-


ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে তিতা শাক-পাচলি বা তিতা গছৰ ৰস খোৱাটো ভাল নহয়। কাৰণ ই হঠাতে তেজৰ চুগাৰৰ মাত্ৰা (Low Blood Sugar Level) হ্ৰাস কৰিব পাৰে যাৰ ফলত দুৰ্বল হয় আৰু মূৰ ঘূৰোৱা সমস্য়া হ’ব পাৰে।

গৰ্ভৱতী মহিলাসকলেও তিতাৰ পৰা বিৰত থাকিব লাগে কাৰণ ই জৰায়ুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু গৰ্ভস্থ শিশুৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

তিতাত অক্সালেট প্ৰচুৰ পৰিমাণে থাকে, সেয়েহে ইয়াক সেৱন কৰা লোকৰ বৃক্কত পাথৰ হোৱাৰ সমস্যা হ’ব পাৰে। লগতে তিতা গছৰ বাবে বৃক্কত বিষক্ৰিয়া বাঢ়ি যায়।

গতিকে এইসকল লোকে তিতা কেৰেলা বা অন্য়ান্য তিতা সেৱনৰ পৰা আঁতৰি থকাটো ভাল।

Leave A Reply

Your email address will not be published.