Breaking

ভগ্নীৰ স্বামীক হত্যাকাৰী সজোৱাৰ অভিযোগ! শিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটিৰ মানহানিৰ গোচৰ…

0 331

প্ৰয়াত ভগ্নীৰ স্বামীক হত্যাকাৰী সজোৱাৰ লগতে শিশু কন্যাক চমজি নিদিয়াৰ অভিযোগত শিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ৰুজু হৈছে মানহানিৰ লগতে অপৰাধমূলক গোচৰ। এই বিষয়ে জানিবলৈ দিয়ে অভিযোগকাৰী তথা কল্পনা পাটোৱাৰীৰ প্ৰয়াত ভগ্নী কাকলি মহন্তৰ স্বামী পাৰ্থ প্ৰতীম মহন্তই। মহন্তই জানিবলৈ দিয়ামতে ২০১৯ বৰ্ষৰ ৩ ছেপ্টেম্বৰত তেওঁৰ পত্নী আকস্মিক ভাবে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল। কৰ্মসূত্ৰে বাংগালুৰুত থকা মহন্তই পত্নীৰ আকস্মিক মৃত্যুৰ খবৰ তেওঁৰ পত্নীৰ পৰিয়ালৰ লগতে বন্ধুবৰ্গ সহ স্থানীয় আৰক্ষীকো অবগত কৰে। মহন্তৰ পত্নীৰ জ্যেষ্ঠ ভগ্নী হ আত্মীয় সকলৰ উপস্থিতিত আৰক্ষীয়ে তেওঁৰ পত্নীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ স্বামীক চমজাই দিয়ে। মৃত্যুৰ পিছদিনা মহন্ত পত্নীৰ মৃতদেহ লৈ গুৱাহাটীৰ স্বগৃহত উপস্থিত হৈ যাবতীয় ৰীতিমতে মৃতকৰ কৃতকৰ্ম সমাপন কৰে। উল্লেখ্য যে মহন্তৰ পত্নীৰ বিয়োগৰ পিছত কনমানি কন্যাশিশুটিক কল্পনা পাটোৱাৰীয়ে লগত ৰাখিছিল। মহন্তই জানিবলৈ দিয়ামতে এক ৰহস্যজনক কাৰণত নিজৰ ছোৱালীজনীক আনিবলৈ যাওঁতে কল্পনা পাটোৱাৰী আৰু তেওঁৰ স্বামীসহ আত্মীয় সকলে মহন্তক শাৰীৰিক আক্ৰমন কৰি কন্যাক একপ্ৰকাৰ বলপূৰ্বক কল্পনা পাটোৱাৰীৰ পৰিয়ালে ৰাখি থয়। উপায়হীন হৈ পাৰ্থ প্ৰতিম মহন্তই দিছপুৰ থানাত কল্পনা পাটোৱাৰীৰ লগতে পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে অভিযোগৰ ভিত্তিত ২৯৮২/২০১৯ নম্বৰত এক গোচৰ ৰুজু কৰে। আশ্চৰ্যজনক ভাবে কল্পনা পাটোৱাৰীৰ ৭০ বছৰৰ উৰ্দ্ধৰ মাতৃয়ে কন্যাশিশুটিৰ অভিভাৱকত্ব বিচাৰি কামৰূপ মহানগৰ পাৰিবাৰিক আদালতৰ কাষ চাপে। এক অদৃশ্য শক্তিৰ আশীৰ্বাদত আদালতৰ নিৰ্দেশ অমান্য কৰি এই পৰ্যন্ত মহন্তৰ কন্যাক বলপূৰ্বক নিজৰ জিম্মাত ৰাখিছে বুলিও মহন্তই গুৰুতৰ অভিযোগ কৰে। আৰক্ষীৰ পৰা শিশু সুৰক্ষা আয়োগলৈ মহন্তই ন্যুনতম সহায় আৰু ন্যায় নোপোৱাত কল্পনা পাটোৱাৰীৰ মাতৃ জয়মতী পাটোৱাৰী, কল্পনা পাটোৱাৰী আৰু স্বামী পাৰভেজ খান, গীতাঞ্জলি খনিকৰ ,ৰাজদ্বীপ খনিকৰ আৰু মেঘালী পাটোৱাৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ তৰে। আনহাতে মহন্তই কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ আন এক মানহানিৰ গোচৰ ৰুজু কৰে আদালতত। উল্লেখযোগ্য যে পত্নীক অকস্মাতে হেৰোৱা মহন্তৰ একমাত্ৰ যুগ্ম জীৱনৰ প্ৰতীক কন্যাজনীক কিহৰ স্বাৰ্থত কল্পনা পাটোৱাৰীয়ে নিজৰ জিম্মাত ৰাখিছে সেয়া অজ্ঞাত। আনহাতে ১১ বছৰীয়া কন্যা শিশুটিক লৈ মানসিক ভাবে ভাঙি পৰিছে পিতৃ পাৰ্থ প্ৰতীম মহন্ত। ছোৱালীজনীৰ ভৱিষ্যত নিৰাপত্তাৰ লগতে তাইৰ পঢ়া-শুনাক লৈও উদ্বিগ্ন পিতৃ। মহন্তৰ এতিয়া একমাত্ৰ ভৰষা ন্যায়ালয়। ন্যায়ালয়ৰ ওপৰত গভীৰ আস্হা আৰ বিশ্বাস থকা বুলি প্ৰকাশ কৰি মহন্তই কয় যে জনপ্ৰিয়তাৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি অহা কল্পনা পাটোৱাৰীৰ প্ৰকৃত মুখাখন আদালতৰ মজিয়াত খোল খাব বুলিও তেওঁ আশাবাদী।

Leave A Reply

Your email address will not be published.