Breaking

ব্ৰহ্মপুত্ৰৰ নতুন দলঙে ৰাইজক দিব মাধমাৰ নিৰ্মিয়মান দলঙ সমূহ হ’ব টোলগেট…

0 125

ব্ৰহ্মপুত্ৰ নদৰ ওপৰত চৰকাৰে নিৰ্মাণ কৰিবলগীয়া দলঙ সমূহে জনসাধাৰণক সকাহ দিয়াৰ সমান্তৰাল কৈ মাৰিব মাধমাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ কেবাখনো নতুন দলঙ নিৰ্মিয়মান অবস্হাত থকাৰ লগতে প্ৰস্তাবিত দলঙো আছে। এনে দলঙ সমূহে যাতায়তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে সময় যথেষ্ট হ্ৰাস কৰে। কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মিয়মান দলঙ সমূহ টোলগেট হিচাপে ব্যৱহাৰ কৰাৰ এক সিদ্ধান্ত গ্ৰহন কৰিছে। কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লাচিতঘাটত আয়োজিত এক অনুষ্ঠানত এই বিষয়ে উল্লেখ কৰি কয় যে যান-বাহন সমূহে এনে দলঙৰ ওপৰেৰে যাওঁতে চৰকাৰক আদায় দিব লাগিব কৰ।

ৰাজ্যবাসীয়ে ৰাষ্ট্ৰীয় ঘাইপথত টোলকৰ আদায় দি আহিছে আন ৰাজ্যৰ তুলনাত বেছিকৈ। ইয়াৰ উপৰিও কেন্দ্ৰীয় ঘাইপথ প্ৰাধিকৰণে নতুনকৈ আকৌ টোলগেট স্হাপন কৰিছে উজনিৰ পথত। এনে সময়ত ৰাজ্য চৰকাৰে পুনৰ ব্ৰহ্মপুত্ৰ নদৰ ওপৰৰ দলঙক টোলগেট হিচাপে ব্যৱহাৰ কৰিবলৈ গ্ৰহন কৰা সিদ্ধান্তই স্বাভাবিকতে সৰ্বসাধাৰণ জনতা চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰ নদৰ ওপৰত দলং নিৰ্মাণ কৰিলেও পূৰ্বৰ দৰে আভ্যন্তৰীণ জল পৰিবহনৰ জাহাজ, ফেৰী সমূহ চলাচল কৰি থাকিব বুলিও উল্লেখ কৰি জনসাধাৰণে ফেৰী সেৱাৰ দ্বাৰা টোলকৰ ৰেহাই পাব বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.