Breaking

অসমীয়া সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে শাৰদীয় সাংস্কৃতিক আলোচনী ‘দাপোণ’ উন্মোচন…

0 103

অসমবাসীয়ে বুকুৰ উমেৰে জীয়াই ৰখা বিশাল আৰু বাৰেবৰণীয়া অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশৰ লগতে অইন ভালেমান বিনোদনৰ লেখাৰে সজোৱা ‘দাপোণ’ নামৰ সম্পূৰ্ণ ৰঙীণ সাংস্কৃতিক আলোচনী এখনি গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট নিৱন্ধকাৰ,সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থৰ মূখ্য সম্পাদনাত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ” দাপোন” উন্মোচন কৰে জনপ্রিয় অভিনেত্রী মৃদুলা বৰুৱাই। অসমৰ বিশিষ্ট লেখক-লেখিকাৰ দুই ডজনৰো অধিক তথ্যসমৃদ্ধ লেখাৰে সমৃদ্ধ ‘দাপোণ’ৰ উন্মোচনী ভাষণত অসমীয়া চিনেমাৰ জনপ্ৰিয় অভিনেত্রী মৃদুলা বৰুৱাই কয়— “এয়া এক ঐতিহাসিক ক্ষণ। কিয়নো অসমত সাংস্কৃতিক আলোচনীৰ ইতিহাসত ইমান তথ্যসমৃদ্ধ আৰু আটকধুনীয়া আলোচনী সাম্প্রতিক সময়ত সম্ভৱতঃ এখনো নাই। ‘দাপোণ’ৰ পৃষ্ঠাসমূহত চকু ফুৰাই লক্ষ্য কৰিছো আলোচনীখনত অসমীয়া চিনেমা-ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা অপেচাদাৰী নাট্যদল বা যাত্রাদলৰ লেখালৈ অথবা ভাওনা-নাগাৰা নামৰ পৰা বিশিষ্ট চিত্রশিল্পী-শিলালিপিলৈ এই আটাইবোৰ সামৰি লৈছে। আৰু এই তথ্যসমৃদ্ধ লেখাবোৰ লিখিছে দুই ডজনৰো অধিক অসমৰ বিশিষ্ট লেখক-লেখিকাই।

আনহাতে আলোচনীখনৰ প্ৰতিটো পৃষ্ঠাই সম্পূৰ্ণ ৰঙীণ আৰু চুই চুই চাই চাই হেঁপাহ নপলাই। অসমীয়া আলোচনীৰ এই মহা দিনত এনেধৰণৰ এখন উচ্চমানৰ সাংস্কৃতিক আলোচনী উপহাৰ দিয়া বাবে আলোচনীখনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ আৰু সম্পাদক তথা অসমৰ প্ৰতিষ্ঠিত সাংস্কৃতিক সাংবাদিক মনোৰঞ্জন কলিতাকো আন্তৰিক ধন্যবাদ জনাইছো। লগতে ‘দাপোণ’ক সকলোৱে আপোন কৰি ল’ব বুলি আশা ৰাখিছো।‘দাপোণ’ৰ ভব্য উন্মোচনী অনুষ্ঠানত মৃদুলা বৰুৱাৰ লগতে ‘অসমীয়া প্ৰতিদিন’ কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী, ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত গায়িকা তৰালি শৰ্মাই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰীয়ে “দাপোণ সমাজৰ দিগ্‌দর্শী হওক। ‘দাপোণ’-এ সঁচাৰ্থত সাংস্কৃতিক বার্তা বহন কৰক” বুলি ভাষণত উল্লেখ কৰে। আনহাতে সু-গায়িকা তৰালি শৰ্মাই ভাষণত এইদৰে কয়— “সমাজত সংস্কৃতি আৰু দুষ্কৃতি দুয়োটাই থাকে।

দাপোণে সংস্কৃতিক প্রাধান্য দিয়ক। ‘দাপোণ’ সমাজৰ দাপোণ হওক।” সাংবাদিক গৌতম শৰ্মাই আকৌ “দাপোণ’-এ নতুনক গুৰুত্ব দিয়ক আৰু দাপোণে নতুনক নেতৃত্ব দিয়ক। মাতৃভাষাক ভালপোৱা প্ৰতিগৰাকী অসমীয়াই নিঃসন্দেহে ভাল পাব” বুলি উল্লেখ কৰে। উন্মোচনী অনুষ্ঠানত জনপ্রিয় অভিনেতা যতীন বৰাইও নিজৰ ভাষণত ‘দাপোণ’ পৰিয়ালৰ এই প্ৰচেষ্টাক শলাগ লয়। দাপোণ’ৰ সম্পাদক তথা সাংস্কৃতিক সাংবাদিক মনোৰঞ্জন কলিতাই আঁত ধৰা উক্ত উন্মোচনী অনুষ্ঠানত সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাস, অতুল মজুমদাৰ, মৃণাল কুমাৰ বৰা, গোপাল জালান, দিগন্ত কুমাৰ চৌধুৰী, হেমন্ত কুমাৰ দাস, হিল্লোল কুমাৰ পাঠক, মন্টু শ‍ইকীয়া, মনজিৎ ৰাজকোঁৱৰ, কিশোৰ গোস্বামী, প্রাঞ্জল এ শৰ্মা, ভাস্কৰ বৰ্মন, দেবেন কলিতা, প্রবাল খাউণ্ড, পুলকেশ ৰায় বৰুৱাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.