Breaking

এইবাৰ মৰিগাঁও জিলা দিৱসৰ মূল বিষয়বস্তু “বেটি বচাও বেটি পঢ়াও”ক….

0 115

১৫ দিনৰ ভিতৰত মুকলি হ’ব আই চি ইউ কক্ষসহ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি আৰু শিশু শাখা। মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত প্ৰতিটো বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগক পাৰস্পৰিক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায়। সভাত জিলা আয়ুক্তগৰাকীয়ে উপস্থিত বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ পৰা অহা ১৪ আৰু ১৫ অক্টোবৰত হ’বলগীয়া জিলা দিৱসৰ কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰে। তেওঁ কয় যে এইবাৰ জিলা দিৱস উপলক্ষে মৰিগাঁও জিলাত “বেটি পঢ়াও বেটি বচাও” ক মূল বিষয়বস্তু হিচাপে লোৱা হৈছে। ১৪ তাৰিখে পুৱা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব আৰু এখন মুকলি সভা অনুষ্ঠিত হ’ব।

নিশাৰ ভাগলৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান থাকিব। ১৫ তাৰিখে প্ৰথিতযশা শিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি জিলা দিৱস উপলক্ষে ন-পুৰণি শিল্পীৰ সংগীতানুষ্ঠানৰ আয়োজন কৰে হৈছে। স্বাস্থ্য বিভাগৰ পৰ্যালোচনাকালত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠকে কয় যে মৰিগাঁও অসামৰিক চিকিৎসালয়ত নিৰ্মাণৰত আই চি ইউ কক্ষসহ প্ৰসূতি আৰু শিশু শাখাটো অহা ১৫ দিনৰ ভিতৰত কাৰ্যকৰী হ’ব। লগতে জিলাখনত প্ৰসূতিৰ মৃত্যুৰ হাৰ ভালেখিনি হ্ৰাস পাইছে। তেওঁ জানিবলৈ দিয়ে যে চিকিৎসালয়ত প্ৰসৱৰ ঘটনা বৃদ্ধি পাইছে আৰু ঘৰত প্ৰসৱৰ হাৰ হ্ৰাস পাইছে। লোকনিৰ্মাণ গৃহ বিভাগৰ মুৰব্বীগৰাকীয়ে কয় যে মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম ভালেখিনি আগবাঢ়িছে। আনহাতে লাহৰিঘাট আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ কাম ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব। কাম আশা কৰা ধৰণে আগনবঢ়া আঁচনিসমূহ নিজে চৰজমিন পৰ্যবেক্ষণ কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে সভাত জানিবলৈ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগক এটা দল হিচাপে কাম কৰিবলৈ আহ্বান জনায়। আনহাতে পৰিবহণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ইয়াৰ প্ৰধান কাৰক তীব্ৰ গতিত গাড়ী চলোৱা, সুৰাপান কৰি গাড়ী চলোৱা, গাড়ী চলাওতে মোবাইল ফোন ব্যৱহাৰ কৰা আদিৰ বাবে সজাগতা সৃষ্টিত গুৰুত্ব দিবলৈ জিলা পৰিবহণ বিষয়াগৰাকীক নিৰ্দেশ দিয়ে। জিলাখনত যোৱা এপ্ৰিল মাহৰ পৰা ২৮ ছেপ্টেম্বৰলৈকে ১১৭ টা পথ দুৰ্ঘটনাত ৩১ জন লোকৰ মৃত্যু হৈছে। তেওঁ বৈধ পৰিমাপ বিভাগক পেট্ৰ’ল পাম্প আৰু সমবায় বিভাগৰ ৰেচন কাৰ্ডৰ দোকানৰ ওজন জোখা যন্ত্ৰৰ সঠিক পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ শিক্ষা বিভাগক কোনো অঞ্চলত যাতে ল’ৰা-ছোৱালীয়ে বিদ্যালয় আধাতে এৰিবলগীয়া নহয়, তাৰ ওপৰত বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিয়ে। সভাত জিলা উন্নয়ন আয়ুক্ত দেৱযানি চৌধুৰীয়ে কয় যে স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ অধীনত সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত “এক তাৰিখ এক ঘন্টা” শীৰ্ষক স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। তেওঁ কয় যে ভাৰত চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে, “স্বচ্ছতাই সেৱা” কাৰ্য্যসূচীৰ অধীনত সমগ্ৰ দেশজুৰি কাইলৈ পুৱা ১০ বজাত “এক তাৰিখ এক ঘণ্টা ” কাৰ্য্যসূচী ঘোষণা কৰিছে। এই কাৰ্য্যসূচীৰ মূখ্য উদ্দেশ্য হৈছে জাতিৰ পিতা মহাত্মা গান্ধীক তেওৰ জন্মদিৱসৰ প্ৰাকক্ষনত এক নিকা আৰু স্বচ্ছ পৰিৱেশেৰে সন্মান জনোৱা।

ইয়াৰ লগত সংগতি ৰাখি মৰিগাঁও পৌৰ সভা এলেকাতো ভালেমান কাৰ্য্যসূচী হাতত লোৱা হৈছে৷ অনুষ্ঠানত জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ নদেল বিষয়া জয়া বড়োৱে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জিলাখনৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ক ধপাতমুক্ত বুলি ফলক লগোৱাৰ লগতে কাৰ্যালয়সমূহ পৰিষ্কাৰ কৰিবলৈ আহ্বান জনায়। সভাত অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল কুমাৰ বৰুৱা আৰু দ্যুতিভা বৰা আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.