Breaking

মান্দাকাটাত ‘মোৰ মাটি মোৰ দেশ’

0 234

বেজেৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মান্দাকাটা গাঁও পঞ্চায়তৰ উদ্যোগত ‘মোৰ মাটি মোৰ দেশ’ কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰা উলিওৱা হয়।

মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলামে জনোৱা অনুসৰি এই কলহ যাত্ৰা মান্দাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰতি ঘৰ মানুহৰ পৰা এমুঠিকৈ মাটি সংগ্ৰহ কৰা হয়।

এই মাটি খিনি পৰবৰ্তী সময়ত জিলা প্ৰশাসনৰ জৰিয়তে দিল্লীলৈ প্ৰেৰণ কৰা হব। দিল্লীত নিৰ্মাণ কৰিবলগীয়া অমৃত ভাটিকাত এই মাটি খিনি দিয়া হব বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.