Breaking

নাওবৈচাৰ টকৌগুৰিৰ জলজীৱন আঁচনিৰ কামত অঘটন…

0 139

নাওবৈচাৰ টকৌগুৰিৰ জলজীৱন আঁচনিৰ কামত অঘটন। ৪০ ফুট উচ্চতাৰ পানীৰ টেংকিৰ পৰা পৰি এজন যুৱকৰ মৃত্যু।

বৰিঙৰ কামৰ বাবে আহিছিল মৰিগাঁৱৰ নিতু বৰদলৈ নামৰ যুৱকজন। নিশা পানীৰ টেংকিত উঠা যুৱকজন অসাৱধানবশতঃ পৰি যায় তললৈ।

পুৱাহে লগৰীয়াই প্ৰত্যক্ষ কৰে নিতু বৰদলৈৰ মৃতদেহ। ঠিকাদাৰৰ তৎপৰতাত ঘটনাস্থলীত উপস্থিত হয় নাওবৈচা আৰক্ষী। মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ যুৱকজনৰ মৃতদেহ।

Leave A Reply

Your email address will not be published.