‘শিশুৰ দিন’ উদযাপনেৰে মুখৰিত অসম গ্ৰন্থমেলা, হাফলং; চিত্ৰাংকণ-আকস্মিক বক্তৃতাক লৈ শিশু-অভিভাৱকৰ উছাহ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলা, হাফলং বুধবাৰে শিশুৰ কলৰৱত মুখৰিত হৈ পৰে ৷ ইয়াৰ সাংস্কৃতিক প্ৰতিষ্ঠান প্ৰেক্ষাগৃহ প্ৰাংগণত অহা ৭ অক্টোবৰলৈ আয়োজিত এই গ্ৰন্থমেলাত বুধবাৰৰ দিনটো “শিশুৰ দিন” হিচাপে উদযাপন কৰা হয় ৷ তদুপলক্ষে পুৱা ১০ বজাৰ পৰা চিত্ৰাংকণ প্ৰতিযোগিতা আৰু দুপৰীয়া ১২ বজাৰ পৰা আকস্মিক বক্তৃতা অনুষ্ঠিত হয় শিশুসকলৰ মাজত ৷

চিত্ৰাংকণ প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে চিত্ৰ শিল্পী অৰ্পিতা ধৰে ৷আকস্মিক বক্তৃতাত বিচাৰকৰ আসন শুৱনি কৰে হাফলঙৰ জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যাপক মাইপাল কেম্প্ৰাই আৰু বিশিষ্ট লেখক-গ্ৰন্থকাৰ ৰামদিনা লালছিমে ৷

উল্লেখ্য যে চিত্ৰাংকণ প্ৰতিযোগিতাত ১০০ গৰাকী আৰু আকস্মিক বক্তৃতাত ৭০ গৰাকীয়ে যোগদান কৰে ৷ এই কাৰ্যসূচীত অভিভাৱক সকলৰ উপস্থিতিয়ে অসম গ্ৰন্থমেলাত উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে ৷

কাইলৈ “শিশুৰ দিন”ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাৰ পৰা মুকলি কুইজ , দুপৰীয়া ১ বজাৰ পৰা কবিতা আবৃত্তি আৰু বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’ব তৰ্ক প্ৰতিযোগিতা ৷

Related Articles